NORTHEAST NOW (Assamese)

লংকাত নিচাযুক্ত টেবলেটসহ এজনক আটক

April 26, 2018 5:57 pm · এন ই নাও নিউজ
Updated: April 26, 2018 6:08 pm

ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত নিচা জাতীয় সামগ্ৰীৰ এক ৰমৰমীয়া বেহা চলি থকাৰ সময়তে আজি লংকা আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি এজন লোকক নিচাযুক্ত টেবলেটসহ আটক কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে তাহেৰ হুছেইন(৪২) নামৰ এজন ব্যক্তিয়ে হাওৰাঘাটৰ পৰা এখন স্কুটাৰত নিচাযুক্ত টেবলেট লৈ লংকলৈ আহি আছিল।

সেই সময়েত লংকা আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত খবৰ লাভ কৰি লংকাৰ চিলংৰোডতে আভিযান চলাই তাহেৰ হুছেইনক আটক কৰিবলৈ সক্ষম হয়। লগতে নিচাযুক্ত টেবলেটখিনিও জব্দ কৰিবলৈ সক্ষম হয়।

জব্দকৃত টেবলেটখিনিৰ ভিতৰত আছিল ৩২ পেকেট নিট্ৰচোন টেবলেট আৰু ১২১ পেকেট স্পাচমো প্ৰক্সিভন। এই টেবলেটখিনিৰ মূল্য লক্ষাধিক টকা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

বৰ্তমান আৰক্ষীয়ে তাহেৰ হুছেইনক অধিক তথ্য উদ্ধাৰৰ বাবে জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

Related News