লখিমপুৰবাসীৰ বাবে কাল হৈ পৰিছে বৰষুণ; অব্যাহত আছে শিঙৰা নদীৰ তাণ্ডৱ

Assam_Flood

প্ৰতিনিধিত্বমূলক চিত্ৰ

শিঙৰা নদীৰ বাঢ়নি পানীয়ে সমগ্ৰ লখিমপুৰ জিলাতে বিগত কিছুদিনৰ পৰা বানৰ তাণ্ডৱ অব্যাহত থকাত এতিয়া জীয়াতু ভূগিবলগীয়া হৈছে সাধাৰণ জনতা। সামান্য পৰিমানে জিলাখনৰ নাওবৈচাত বান পৰিস্থিতি কিছু উন্নতি হৈছিল যদিও অৰুণাচল পাহাৰত হোৱা প্রবল বৰষুণে পুনৰ শিঙৰা নদীৰ পানীয়ে আৰু এক জটিল পৰিস্থিতিৰ মাজলৈ ঠেলি দিছে নাওবৈচাবাসীক।

জানিব পৰা মতে নাওবৈচা ১৫নং ৰাষ্ট্রীয় ঘাইপথৰ ওপৰেদি পানী বাগৰি থকাৰ ফলত দেওবাৰৰ দিনটোত সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰে যাতায়াত।যন্ত্ৰণাময় পৰিস্থিতিৰ উদ্ভৱ হোৱা যাত্ৰীসকলৰ সুবিধাৰ্থে পাছত বিয়লি পানীৰ ওপৰেৰেই বাহন চলাচল কৰিবলৈ দিয়াৰ ব্যৱস্থা কৰে নিৰাপত্তা বেষ্টনীৰ মাজেৰে৷

উল্লেখযোগ্য যে যোৱা ২৮ জুনত হঠাতে শিঙৰা নদীয়ে এক বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি কৰি দলহাট ফুলবাৰী সংযোগী পথটোৰ দলহাট তিনিআলিৰ সমীপত প্রায় ১০০ মিটাৰ ভাঙি পেলায় আৰু শিঙৰা নদীয়ে নিজৰ বোৱতি পথ সলাই পেলাই পথৰ ভঙা অংশৰে ববলৈ লয়।

শিঙৰাৰ এই কাল ৰূপত নিমিষতে অঞ্চলটোৰ ১৫খনৰো অধিক গাঁৱৰ প্ৰায় ১৫ সহস্রাধিক লোক বানৰ কবলত পৰাৰ উপৰি বেয়াকৈ ক্ষতিগ্ৰস্ত হয়।

মন কৰিবলগীয়া যে জিলা প্ৰশাসনে ভাঙি যোৱা পথটো মেৰামতি কৰি শিঙৰা নদীক পূৰ্বৰ গতিপথেৰে বোৱাই নিয়াৰ বাবে আপ্ৰাণ প্ৰচেষ্টা চলাই আছে যদিও অৰুণাচলৰ পৰা নামি অহা পানীৰ ধলে প্ৰশাসনৰ চেষ্টা বিফল কৰি তোলাৰ লগতে বানাক্ৰান্ত লোকসকলক অধিক চিন্তিত কৰি তেলা পৰিলক্ষিত হৈছে।

সম্প্রতি ছিঙা অংশৰে পানী বৈ থকাৰ বাবে ১৫নং ৰাষ্ট্রীয় ঘাইপথটোৰ লগতে দলহাট অঞ্চলটোৰ বহু পৰিয়াল জলমগ্ন হৈছে৷ ইফালে সঘনাই হোৱা প্রবল বৰষুণেও বন্যার্তক আন এক ভয়াবহ পৰিস্থিতিৰ মুখামুখি কৰাইছে৷ এতিয়া এই লোকসকলৰ এটাই মাত্ৰ প্ৰাৰ্থনা আৰু নেলাগে বৰষুণ।