লাঙটিং হাইস্কুলত দৰিদ্ৰ সীমাৰেখাৰ তলৰ ছাত্ৰীৰ মাজত বিনামূলীয়া বাই চাইকেল বিতৰণ

বাই চাইকেল

লাঙটিং হাইস্কুলত আজি(শনিবাৰ) আনুষ্ঠানিক ভাৱে ৫৫ গৰাকী দৰিদ্ৰ সীমা ৰেখাৰ তলৰ ছাত্ৰী সকলৰ মাজত  বাই চাইকেল বিতৰণ কৰা হয়।

চাইকেল বিতৰণী অনুষ্ঠানটোত উপস্থিত থাকে বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি অমৰজিত আৰদাও, প্ৰধান শিক্ষক অসীম কুমাৰ দেব, মাদাৰ্চ গোট আৰু অভিভাৱক সকল।

অনুষ্ঠানৰ আৰম্ভণিত বিদ্যালয় প্ৰধান গৰাকীয়ে চৰকাৰৰ চাইকেল বিতৰণ আঁচনিৰ বিষয়ে সংক্ষিপ্ত বক্তব্য ৰাখে। তেওঁ কয় যে চৰকাৰৰ চাইকেল বিতৰণ আঁচনিৰ ফলত বিদ্যালয়ৰ পৰা দূৰত থকা ছাত্ৰী সকল উপকৃত হ’ব।

অনুষ্ঠানটোত ছাত্ৰী সকলক বাই চাইকেল বিতৰণ কৰে এছএমডিচিৰ সভাপতি অমৰজিত আৰদাওৰ লগতে প্ৰধান শিক্ষক অসীমকুমাৰ দেব আৰু এছএমচিৰ সভাপতি চন্দ্ৰকান্ত হাকমাউচায়।

ইফালে অনুষ্ঠানটোত চাইকেল বিতৰণৰ লগতে বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ পৰা নবম শ্ৰেণীলৈকে ন’গৰাকী ছাত্ৰ-ছাত্ৰীক মাজত মেধাৰ ভিত্তিত পুৰস্কৃত কৰা হয়। পুৰস্কৃত ছাত্ৰ-ছাত্ৰী কেইজন হ’ল ক্ৰমে ৰুমি ডেকা, পূৰ্ণিমা সূত্ৰধৰ, সৌৰভ দাস, তনুশ্ৰী দাস, সুস্মিতা দাস, ৰূমণা বেগম, মেঘা কৰ আৰু ৰূপত জহৰী। ইয়াৰ বাহিৰে নাজিম উদ্দিন নামৰ এগৰাকী ছাত্ৰক বেষ্ট ৱাৰ্কাৰ হিচাপে পুৰস্কৃত কৰে বিদ্যালয় কৰ্তৃপক্ষই।