লামডিং-শিলচৰ ব্ৰডগজ ৰে’ল লাইনৰ ক্ষতিপূৰণ দিয়াৰ বাবে ৰে’ল কৰ্তৃপক্ষক ১৫ দিনৰ সময়সীমা আই এছ এফৰ 

লামডিং-শিলচৰ ব্ৰডগজ ৰে’ল লাইনৰ বাবে ডিমা হাচাও জিলাৰ পাঁচ শতাধিক পৰিয়াল ক্ষতিগ্ৰস্ত হ’বলগীয়া হৈছে। ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ হৈ এন চি হিলছ্ ইণ্ডিজেনাছ স্টুডেন্ট ফ’ৰামে সূদীৰ্ঘ তিনি বছৰ ধৰি গণতান্ত্ৰিক আন্দোলন কৰি আহিছে।

অৱশ্যে ৰে’ল কৰ্তৃপক্ষই একাংশ ক্ষতিপূৰণ মোকলাই দিছে যদিও ‘জিৰাত ভ্যেলু’ আদায়ৰ ক্ষেত্ৰত ৰে’ল কৰ্তৃপক্ষ নিমাতে আছে বুলি সংগঠনটোৱে অভিযোগ কৰে।

উল্লেখযোগ্য যে যোৱা ২৭ ফেব্ৰুৱাৰিত হাফলঙৰ প্ৰথমখন বৈঠকত ৰে’ল বিভাগৰ শীৰ্ষ কৰ্মকৰ্তা উপস্থিত নথকাৰ কাৰণে বৈঠকৰ পৰা ‘ৱাক আউট’ কৰে আই এছ এফৰ সদস্য সকলে।

ইয়াৰ পিছত ২৮ ফেব্ৰুৱাৰিত দ্বিতীয় বাৰৰ কাৰণে জিলা উপায়ুক্ত কাৰ্যালয়ৰ কনফাৰেন্স হলত অনুষ্ঠিত বৈঠকত ৰে’লৱেৰ লামডিং সংমণ্ডলৰ ডি আৰ এম প্ৰমোদ কুমাৰ জৈন, এন এফ ৰে’লৱেৰ মুখ্য অভিযন্তা ৰাজেন্দ্ৰ প্ৰসাদ জিঙ্গাৰ লগতে অসম আৰক্ষী বিশেষ শাখাৰ ডি জি পি পল্লব ভট্টাচাৰ্য্য, জিলা উপায়ুক্ত অমিতাভ ৰাজখোৱা আৰু আৰক্ষী অধীক্ষক প্ৰশান্ত শইকীয়াও উপস্থিত আছিল।

দীৰ্ঘ সময় ধৰি চলা উক্ত বৈঠকত ৰে’লৱেই ক্ষতিপূৰণ দিয়াৰ কাৰণে এক মাহ সময় বিচাৰিছিল। সেই হিচাপে যোৱা ১ এপ্ৰিলত উক্ত সময়সীমা উকলি যায় যদিও ক্ষতিপূৰণৰ বিষয়টো আগবঢ়া নাই।

এনে পৰিস্থিতিত আই এছ এফে এন এফ ৰে’লৱেক তিনি দিনৰ অতিৰিক্ত সময় দিছিল যদিও ৰে’লৱেই ল’বলগীয়া ব্যৱস্থা গ্ৰহণত ব্যৰ্থ হোৱাত ডিমা হাচাও জিলাৰ উপায়ুক্তৰ ফালৰ পৰা পুনৰ একমাহৰ সময় বিচৰা হয়।

যাৰ পৰিপ্ৰেক্ষিতত আজি হাৰাঙ্গাজাওত আই এছ এফৰ উদ্যোগত অনুষ্ঠিত সভাত গাঁৱৰ ৰাইজ গোট খাই দীৰ্ঘ আলোচনাৰ পিছত জিলা উপায়ুক্তৰ আহ্বানক সহাঁৰি জনাই ৰে’ল কৰ্তৃপক্ষক অতিৰিক্ত পোন্ধৰ দিনৰ সময় বান্ধি দিয়ে।

আই এছ এফৰ সভাপতি ডেভিদ কেইভমে বুধবাৰে নৰ্থ-ইষ্ট নাওৰ লগত হোৱা সাক্ষাতকাৰত কয়, ‘ অহা ১৮ এপ্ৰিললৈ ৰে’লৱেক ক্ষতিপূৰণৰ সমস্যা সমাধানৰ কাৰণে সময় দিয়া হৈছে। এইবাৰো ৰে’লৱেই যদি নিজৰ প্ৰতিশ্ৰুতি ৰখাৰ ক্ষেত্ৰত ব্যৰ্থ হয় তেন্তে ১৯  এপ্ৰিলৰ পৰা পাৰ্বত্য জিলাত ৰে’ল অৱৰোধ কাৰ্যসূচী গঢ়ি তোলা হব’।