NORTHEAST NOW (Assamese)

লাহৰীজান সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযান

November 27, 2017 7:27 am · এন ই নাও নিউজ ব্যুৰো, ডিফু :
Updated: November 27, 2017 9:29 am

কাৰ্বি আংলং জিলাৰ লাহৰীজান সংৰক্ষিত বনাঞ্চলত অবৈধভাৱে বসবাস কৰা তোৰা ক্ৰামচা গাওঁ, হাজংপুৰ আৰু ৰেংমা গাওঁ তিনিখনত  জিলা প্ৰশাসন আৰু বন বিভাগে উচ্ছেদ অভিযান আৰম্ভ কৰিছে। উচ্ছেদৰ সময়ত উদ্ভৱ হ’ব পৰা সম্ভাব্য অপ্ৰীতিকৰ পৰিস্থিতৰ বাবে কেইবা শতাধিক আৰক্ষী-চি আৰ পি এফ আৰু বন বিভাগৰ লোক সষ্টম হৈ  আছে। আজি আমচাঙৰ সমান্তৰালকৈ লাহৰীজানৰ উক্ত তিনিখন গাঁৱত এক্সকেভেটৰেৰে উচ্ছেদ চলোৱা হৈছে। বেদখলকাৰীৰ ঘৰসমূহ জ্বলাই দিয়া হৈছে আৰু চৰকাৰী ভূমি বেদখল কৰা বেদখলকাৰীসকলক সমূলি উচ্ছেদ কৰাৰ বাবে অভিযান চলাই থকা হৈছে।

Related News