লোকগীতৰ সাধক আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন শিল্পী ড০ ডলী দাসৰ দেহাবসান

ওৰেতো জীৱন লোকসংগীতৰ সাধনা কৰি অহা শিল্পী ড০ ডলী দাস আৰু আমাৰ মাজত নাই। কালি পুৱতি নিশা ২:৩০ মান বজাত তেওঁ হৃদৰোগত আক্ৰান্ত হৈ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত শেষ নিশ্বাস ত্যাগ কৰে। জানিব পৰা মতে পুত্ৰ মাধৱকৃষ্ণ দাসে মাতৃয়ে শ্বাস-প্ৰশ্বাস লোৱাত অসুবিধাৰ সন্মুখীন হোৱাত তেওঁ ততাতৈয়াকৈ মাতৃক চিকিৎসা মহাবিদ্যালয়লৈ লৈ যায়। কিন্তু দুৰ্ভাগ্যজনক কথা যে চিকিৎসালয়ত লোকসংগীত শিল্পী গৰাকীয়ে মৃত্যুক সাবটি লয়।

উল্লেখযোগ্য যে ৪৪ বছৰ ধৰি লোকসংগীতৰ চৰ্চাত বৰ্তি থকা এই মহান শিল্পী গৰাকীয়ে লোকসংগীতৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অবদানৰ বাবে ২০১৪ চনত ওৰ্ৱল্ড ৰেকৰ্ড ইউনিভাৰচিটীয়ে ভিয়েটনামত অনুষ্ঠিত লোকসংগীত সন্মিলনত ডক্চৰেট ডিগ্ৰী প্ৰদান কৰিছিল। ইয়াৰ উপৰিও ৫৭১ গৰাকী শিল্পী দিহানাম পৰিবেশন আৰু লোকগীতৰ প্ৰশম মেমৰি কাৰ্ড প্ৰকাশ কৰি লোকগীতৰ সম্ৰাজ্ঞী ড০ ডলী দাসে ইণ্ডিয়া বুকচ অব ৰেকৰ্ডত মান অন্তৰ্ভূক্ত কৰিবলৈ সক্ষম হৈছিল। জানিব পৰা মতে তেখেতে কামৰূপী ভাষাৰ লোকগীত আৰু অসমীয়া ভাষাৰ লোকগীত শীৰ্ষক গ্ৰাম’ফোন ৰেকৰ্ডত কন্ঠদান কৰিছিল। ১৯৫০ চনত ডিব্ৰুগড়ত জন্ম গ্ৰহণ কৰা ডলী দাসে ১৯৭৫ চনতে আকাশবাণীৰ শিল্পী হিচাপে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছিল। তদুপৰি ২০০১ চনত আকাশবাণীয়ে তেখেতক হাইগ্ৰেড শিল্পী হিচাপে স্বীকৃতি প্ৰদান কৰাৰ লগতে কলকাতাৰ সৰ্বভাৰতীয় সংগীত আৰু সংস্কৃতি পৰিষদে লোকসংগীতৰ বিশাৰদ ডিগ্ৰী প্ৰদান কৰে। লক্ষণীয় যে ২০১১ চনত বুলগেৰিয়াত অনুষ্ঠিত হোৱা বিশ্ব সোকসংগীত প্ৰতিযোগিতাত তেওঁ স্বৰ্ণপদক লাভ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ উপৰিও ২০১২ চনত তেওঁ নেপালত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় লোকসংগীত সমাৰোহত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিছিল। অসমীয়া লোকসংগীত জগতত একাদ্ৰিক্ৰমে ৪৪ বছৰ ধৰি ব্যস্ত থকা এইগৰাকী শিল্পীয়ে চলিত বৰ্ষত ৰাষ্ট্ৰপতি বঁটা পাবলৈ সক্ষম হৈছিল। ইয়াৰ উপৰিও লোকশিল্পী গৰাকীয়ে অসমীয়া লোকসংগীক এক নতুন মাত্ৰা প্ৰদান কৰাৰ উদ্দেশ্যে অসমৰ বিভিন্ন ঠাইৰ লগতে অসমৰ বাহিৰতো বহুতো প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰিছিল। ইয়াৰ ভিতৰত দিল্লীৰ দ্বাৰকা আৰু আহমেদাবাদ অন্যতম।

প্ৰয়াত হিতেশ দাসৰ পত্নী ড০ ডলী দাসৰ মৃত্যুত ডিব্ৰুগড় অঞ্চলৰ লগতে সমগ্ৰ ৰাজ্যখনতে শোকাকুল পৰিবেশে বিৰাজ কৰিছে। সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাকে ধৰি ডিব্ৰুগড় প্ৰেছ ক্লাব, সদৌ অসম অনুসূচীত জাতি ছাত্ৰ সন্থা, চাউলখোৱা সংগীত মহাবিদ্যালয়, ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, বিধায়ক ঋতুপৰ্ণ বৰুৱা আৰু বহু অনুষ্ঠান-প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰিছে। পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি আজি জকাইত স্বামী হিতেশ দাসৰ সমাধিস্থলীৰ কাষতে তেখেতৰ অন্তেষ্টিক্ৰিয়া সম্পন্ন কৰিব।

বিশিষ্ট লোকগীত শিল্পী ড০ ডলী দাসৰ মৃত্যুত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গভীৰ শোক প্ৰকাশ কৰি কয় যে জীৱন কালত একান্ত নিষ্ঠা আৰু গভীৰ একাগ্ৰতাৰে শিল্পী গৰাকীয়ে অসমীয়া সাংস্কৃতিক জগতলৈ যথেষ্ট অৱদান আগবঢ়াই গৈছে। তদুপৰি লোকগীতৰ মাধ্যমেৰে ৰাজ্যৰ সংগীতৰ ক্ষেত্ৰখনত তেওঁ অধিক প্ৰাণৱন্ত কৰি তুলিছিল। মুখ্যমন্ত্ৰী সোণোৱালে শিল্পী গৰাকীৰ চিৰশান্তি কামনাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ লগতে শোকবিহ্বল পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।