লোকপিয়লৰ ভাষিক তথ্য আৰু অসমীয়া জাতিৰ আয়ুসৰেখা

AssameseLanguage

মুছলমানৰ বিশেষকৈ অভিবাসী মুছলমানৰ সংখ্যা বৃদ্ধিকে অসমীয়া জাতিৰ কৰ্কট বুলি চিহ্নিত কৰোতা আৰু অবৈধ বাংলাদেশী-বিদেশী হিন্দুক নাগৰিকত্ব প্ৰদানেৰে অসমীয়া জাতিক কেম’থেৰাপি দিব খোজোতা, ‘জাতি-মাটি ভেটি’ৰ স্বঘোষিত খড়‌গহস্ত ৰক্ষকসকলৰ বাবে সম্প্ৰতি সদৰী হোৱা ২০১১ চনৰ ভাষিক লোকপিয়লৰ তথ্য এক বিৰাট ধাক্কা।

ইয়াৰ কাৰণ এয়ে যে পূৰ্বে হিন্দুৰ নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰেহে অসম আৰু অসমীয়াক ৰক্ষা কৰিব পাৰি বুলি দিয়া কুযুক্তি ৰাইজে সমস্বৰে প্ৰত্যাখ্যান কৰাত এইসকলে ২০০১ চনৰ লোকপিয়লৰ তথ্য ব্যৱহাৰ কৰি প্ৰতিষ্ঠা কৰিব খুজিছিল যে অসমত বাংলাভাষীৰ বৃদ্ধি আৰু মুছলমানৰ বৃদ্ধি সমান্তৰাল– অৰ্থাৎ বিদেশী-বাংলাদেশী হিন্দু নহয়, মুছলমানহে আমাৰ ভাষিক বিপদৰ কাৰণ। তেওঁলোকে প্ৰচাৰ কৰিছিল যে অলেখ অভিবাসী মুছলমানে অসমীয়াৰ পৰিৱৰ্তে বাংলাক নিজৰ ভাষা বুলি পৰিচয় দিয়াৰ ফলতহে বাংলাভাষী বাঢ়িল আৰু অসমীয়াভাষী কমিল। বাঘবৰ, কলগাছিয়া আদি দুখনমান ঠাইৰ তথ্য দাঙি ধৰি তেওঁলোকে সমগ্ৰ ৰাজ্যৰ বাবেই তাক সাধাৰণীকৰণ কৰিছিল। পিছে পৰিহাসৰ কথা এই যে ২০১১ চনৰ ভাষিক লোকপিয়লৰ তথ্যই তেওঁলোকৰ এই কণাৰ ফৰ্মুটি নাকচ কৰিলে।

২০০১ চনৰ লোকপিয়ল অনুসাৰে অসমত হিন্দু আছিল ৬৬.০১% আৰু ২০১১ চনৰ লোকপিয়লে হিন্দুৰ জনসংখ্যা দেখুৱালে ৬১.৪৭%। অৰ্থাৎ এক দশকৰ ভিতৰত হিন্দুৰ সংখ্যা শতকৰা হিচাপত ৪.৫৪% কমিল। ইফালে এই দশকটোত অসমীয়াভাষীৰ সংখ্যা ৪৮.৮০%-ৰপৰা ৪৮.৩৮%-লৈ কমিল, অৰ্থাৎ ০.৪২% কমিল। অৰ্থাৎ হিন্দুৰ সংখ্যা হ্ৰাসেই অসমীয়াভাষীৰ সংখ্যা হ্ৰাস নিৰ্ধাৰণ কৰা নাই। অসমত অসমীয়াভাষী কমাৰ অন্তৰালত হিন্দুৰ সংখ্যা হ্ৰাস খুব বেছি এটা গৌণ কাৰণহে হ’ব পাৰে। গতিকে অবৈধ বাংলাভাষী হিন্দু আনি অসমীয়া ভাষা আৰু জাতি বচাব খোজাটো এটা উদ্ভট জুমলা।

আকৌ, ২০০১ চনৰ লোকপিয়ল মতে মুছলমান আছিল ৩০.৯% আৰু ২০১১ চনত সেয়া বৃদ্ধি পাই হৈছেগৈ ৩৪.২২%। অৰ্থাৎ মুছলমান বৃদ্ধি পাইছে ৩.৩২%। সাধাৰণতে খিলঞ্জীয়া মুছলমানৰ তুলনাত অভিবাসী মুছলমানৰ সংখ্যাবৃদ্ধিৰ হাৰ বেছি বুলি সকলোৱে জানে। গতিকে মুছলমানৰ এই সংখ্যাবৃদ্ধিৰ আঁৰত ঘাইকৈ আছে অভিবাসী মুছলমানৰ সংখ্যাবৃদ্ধি আৰু খুব সম্ভৱ কিছু অবৈধ প্ৰব্ৰজন। যদি ইয়াৰে বুজনসংখ্যক মানুহে ২০১১ চনৰ লোকপিয়লত নিজকে অসমীয়া বুলি পৰিচয় দিয়াৰ পৰিৱৰ্তে বাংলাভাষী বুলি পৰিচয় দিছিল, তেন্তে ২০০১ চনৰ তুলনাত ২০১১ চনত বাংলাভাষীৰ অসাধাৰণ সংখ্যাবৃদ্ধি হ’লহেঁতেন। কিন্তু সম্প্ৰতি ওলাই পৰা তথ্যই দেখুৱাইছে যে ২০০১-ৰ ২৭.৫৪%-ৰ পৰা বাংলাভাষী বাঢ়ি ২০১১ চনত ২৮.৯১% হৈছেহি। অৰ্থাৎ বৃদ্ধি পাইছে ১.৩৭%। এই বৃদ্ধি নিশ্চয় উদ্বেগজনক। কিন্তু, বাঘবৰ-কলগাছিয়াৰ উদাহৰণেৰে সাধাৰণভাৱে সমগ্ৰ অসমতে বুজন সংখ্যক অভিবাসী মুছলমানে বাংলাভাষালৈ গতি কৰিছে বুলি চলোৱা প্ৰচাৰ ই নাকচ কৰে।

১৯৯১ চনৰ পৰা ২০০১ চনলৈ এই দশকটোত (আচলতে নিৰ্দিষ্ট চনটোৰ কেইবছৰমান আগৰ পৰাই লোকপিয়ল চলি থাকে) অসমীয়াভাষীৰ সংখ্যা সোঁসোঁৱাই নামি আহিছিল আৰু বাংলাভাষীৰ সংখ্যা চিলা উৰাদি ওপৰলৈ উঠি গৈছিল। ৫৭.৮১%-ৰপৰা অসমীয়াভাষীৰ সংখ্যা নামিছিল ৪৮.৮০%-লৈ, অৰ্থাৎ হ্ৰাস পাইছিল ৯.০১%। বিগত দশকত হ্ৰাস পালে ০.৪২%। আকৌ, বাংলাভাষী বাঢ়িছিল ২১.৬৭%-ৰপৰা ২৭.৫৪%-লৈ, অৰ্থাৎ ৫.৮৭%। এতিয়া বাঢ়িছে ১.৩৭%। বুজা গৈছে যে ১৯৯১-২০০১ দশকৰ তুলনাত ২০০১-২০১১ দশকৰ পৰিস্থিতি অসমীয়াৰ বাবে কম বেয়া। হয়তো আগৰ দশকৰ তুলনাত বিগত দশকত অবৈধ হিন্দু-মুছ্লমান প্ৰব্ৰজনকাৰী কমিছে, হয়তো অসমীয়াৰ অৱহেলাৰ সুযোগ লৈ অভিবাসী মুছলমানক অসমীয়াৰ বিৰুদ্ধে প্ৰৰোচিত কৰা শক্তি আৰু কাৰকসমূহ পূৰ্বৰ তুলনাত নিস্তেজ হৈছে, হয়তো অসমীয়া শিক্ষাৰে শিক্ষিত অভিবাসী মুছলমানৰ অসমীয়ামুখিতাৰ প্ৰভাৱ উক্ত জনগোষ্ঠীৰ মাজত বাঢ়িছে।

আমি এই তুলনামূলকভাৱে কম বেয়া পৰিস্থিতিৰ সুযোগ ল’বই লাগিব। তাৰ বাবে আমি বৈধ অভিবাসী মুছলমানৰ বাবে হৃদয় খুলি থ’ব লাগিব। তেওঁলোকৰ অৰ্থনৈতিক, শৈক্ষিক আদি দিশৰ প্ৰতি আমি উদাসীন হ’ব নোৱাৰোঁ। বৈধ বাঙালী হিন্দুসকলো আমাৰ জ্ঞাতিভাই। কিন্তু, যিহেতু বাঙালী হিন্দুৱে সাধাৰণতে অসমীয়াক মাতৃভাষা হিচাপে গ্ৰহণ নকৰে সেয়েহে আমাৰ ভাষিক সংখ্যাগৰিষ্ঠতা নিৰ্ভৰ কৰিছে বৈধ অভিবাসী মুছলমানৰ সিদ্ধান্তৰ ওপৰত। ২০০১-ৰ তুলনাত ২০১১-ত নিশ্চয় তেওঁলোকৰ অধিকাংশই আমাৰ বাবে উপকাৰী সিদ্ধান্তই লৈছে। ২০২১-ত যাতে তেওঁলোকৰ মন পাল্টি নাযায়, তাৰ বাবে আমিও তেওঁলোকক আশ্বস্ত কৰিব লাগিব, ঠেলি দিব নালাগিব। কাৰণ তেওঁলোকৰ তিনি-চতুৰ্থাংশমানে বাংলাৰ ফালে গতি কৰিলেই ২০২১-ত অসমীয়াভাষী ৩৬% মানলৈ নামিব পাৰে আৰু বাংলাভাষী ৪০% মানলৈ উঠিব পাৰে। কোৱা বাহুল্য, বিদেশী হিন্দু বাংলাদেশীৰ নাগৰিকত্বই এই পৰিস্থিতি ইয়াতকৈও শোচনীয় কৰি পেলাব I

এচামে কয় যে অসমীয়া ভাষাৰ বিপদ মাতিছে অভিবাসী মুছলমানে। কথাটো অকাট্য সত্য বুলি লোকপিয়লে দেখুওৱা নাই। যদি সত্য বুলি ধৰিও লওঁ, তেন্তে অসমীয়া জাতি বচোৱাৰ পন্থা? পূৰ্বৰে পৰা অসমীয়া হৈ থকা আৰু এতিয়া বাংলামুখী হ’ব খোজা অভিবাসী মুছলমানক বুজাই-বঢ়াই মান্যতা দি, মৰ্যাদা দি, আমাৰ লগত ৰখা নে নাগৰিকত্ব আইন সংশোধনী বিধেয়ক আইনত পৰিণত কৰি বাংলাভাষীৰ সংখ্যা আকৌ বঢ়োৱা? এই চামৰ মতে অসমত বাংলাভাষীৰ সংখ্যা বাঢ়িলে অসমীয়া ভাষাৰ শ্ৰীবৃদ্ধি হ’ব! গতিকে প্ৰৰোচিত কৰি অভিবাসী মুছলমানকো বাংলামুখী কৰা হওক আৰু তাৰ লগত হিন্দু বুলিয়ে বিদেশী বাংলাভাষী নতুনকৈ যোগ কৰা হওক। মানে বাংলাভাষী বাঢ়িলে অসমীয়া জাতি বাচিব!

শেষত ইয়াকে কওঁ যে অবৈধ হিন্দু বাংলাদেশীয়ে নাগৰিকত্ব পালে বৈধ অভিবাসী মুছলমান বিচলিত হোৱাৰ আশংকা প্ৰকট। আৰু শংকিত হৈ তেওঁলোকে বাঙালী ঐক্যৰ জৰিয়তে নিজৰ অস্তিত্ব সুৰক্ষিত কৰাৰ চিন্তা কৰিলে অসমীয়া জাতিয়ে এখন ঠেং হেৰুৱাই এটা লেঙেৰা জাতিত পৰিণত হোৱাৰ সম্ভাৱনা বহল। এই সন্ধিক্ষণত অসমীয়াই প্ৰজ্ঞা আৰু বিচক্ষণতা দেখুৱাব লাগিব। সাম্প্ৰদায়িকতাক সম্পূৰ্ণকৈ জাবৰৰ পাচিত দলিয়াব নোৱাৰিলে অচিৰেই ভাষিক সংখ্যালঘুত পৰিণত হৈ এটা ক্ষীয়মাণ জাতিলৈ পৰ্যবসিত হোৱাৰ বিপদ মূৰ পাতি ল’ব লাগিব। অসমীয়া জাতিৰ মৃত্যুবাণ দুপাট – অভিবাসী মুছলমানৰ ভাষাবিষয়ক সিদ্ধান্ত আৰু নাগৰিকত্ব আইন সংশোধনী বিধেয়ক, ২০১৬।

লেখক সহকাৰী অধ্যাপক, ডুমডুমা মহাবিদ্যালয়