লোকসংস্কৃতিক বাদ দি বৃহত্তৰ অসমীয়া সমাজখনৰ সাংস্কৃতিক তথা বৌদ্ধিক উত্তৰণ অসম্ভৱঃ ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য

Folk artist Loknath Kutum being conferred with Mohan Bhaira Bota

অসমৰ জাতি-জনগোষ্ঠীৰ লোকসংস্কৃতিৰ প্ৰতিবিধ সামগ্ৰী-বাদ্যযন্ত্ৰই বৃহত্তৰ অসমীয়া সংস্কৃতিৰ হৃদয়ৰ স্পন্দন স্বৰূপ। অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনক সোণসেৰীয়া কৰি বিশ্ব দৰবাৰলৈ আগবঢ়াই নিয়া এই গৰিমামণ্ডিত লোকসংস্কৃতিক বাদ দি বৃহত্তৰ অসমীয়া সমাজখনৰ সাংস্কৃতিক তথা বৌদ্ধিক উত্তৰণ অসম্ভৱ ‘, এই মন্তব্য কৰে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই।

বৃহস্পতিবাৰে নলবাৰী নাট্য মন্দিৰত নলবাৰী জিলা ছাত্ৰ সন্থা আৰু নলবাৰী জিলা উন্নতি সভাৰ উদ্যোগত প্ৰদান কৰি অহা ‘মোহন ভাইৰা স্মাৰক বঁটা ২০০১৮’ প্ৰদান কৰা হয় লোককলাৰ সাধক, মিচিং জনজাতীয় শিল্পী লোকনাথ কুটুমক।

উক্ত বঁটাটি প্ৰদান কৰে প্ৰথিতযশা ভাস্কৰ্য শিল্পী বীৰেন সিংহই। বঁটা প্ৰদান কৰি সিংহই কয় যে লোকনাথ কুটুম নিভাজ হৃদয়ৰ স্বদেশ আৰি স্বজাতিক হৃদয় উজাৰি ভালপোৱা লোকসংস্কৃতিৰ এগৰাকী সাধক।

এই বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থকা আছুৰ মুখ্য উপদেষ্টা ড০ ভট্টাচাৰ্যই নিজৰ ভাষণ প্ৰসংগত গুৰুত্ব সহকাৰে কয় যে লোকসংস্কৃতিক বাদ দি বৃহত্তৰ অসমীয়া সমাজখনৰ সাংস্কৃতিক তথা বৌদ্ধিক উত্তৰণ অসম্ভৱ ।

স্মাৰক পত্ৰ গ্ৰহণ কৰা মুহুৰ্তত

‘মোহন ভাইৰা স্মাৰক বঁটা’ প্ৰদান অনুষ্ঠানত মখ্য অতিথি হিচাপে উপস্থিত থাকি ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই প্ৰবাদপ্ৰতিম লোকসংস্কৃতিৰ পুৰোধা শিল্পী মোহন ভাইৰালৈ গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে।

লবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি গুণজ্যোতি পাঠকৰ পৌৰোহিত্যত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত ছাত্ৰ নেতাজনে থলুৱা শিল্প-সংস্কৃতিৰ উদ্যোগক উদগণি জনোৱা আৰু শিল্প-সংস্কৃতিৰ লগত জড়িত অসমৰ বিভিন্ন প্ৰান্তৰ শিল্পীসকলক উৎসাহিত কৰাৰ বাবে ‘লোকসংস্কৃতিৰ প্ৰেৰণা পুঁজি’ শীৰ্শক এটি পুঁজি গঠন কৰাৰ বাবে ৰাজ্য চৰকাৰক আহ্বান জনায়।

বঁটা প্ৰদান অনুষ্ঠানত নলবাৰী উন্নতি সভাৰ সভাপতি ৰাধানাথ কলিতা, সাধাৰণ সম্পাদক ৰাতুল চন্দ্ৰ ডেকা, অক্ষয় ডেকা উপস্থিত থাকে।

কিংবদন্তী শিল্পী মোহন চন্দ্ৰ বৰ্মনৰ পত্নী সৰস্বতী বৰ্মনে প্ৰয়াত স্বামীৰ প্ৰতিকৃতিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি অনুশ্ঠানৰ শুভাৰম্ভণি কৰে।

উল্লেখ্য যে অনুষ্ঠানৰ পূৰ্বে গড়কাপ্তানি পৰিদৰ্শন বঙলাৰ পৰা সাংস্কৃতিক শোভাযাত্ৰাৰে মিচিং জনজাতীয় শিল্পী লোকনাথ কুটুমক নাট্য মন্দিৰলৈ আদৰি আনে।