লোকসভা নিৰ্বাচনলৈ বহু দূৰ : ৰাজ্যিক বিজেপিৰ কুচকাৱাজৰ বিপৰীতে বহু সময় আছে বুলি মন্তব্য ৰাষ্ট্ৰীয় নেতা নলিন কোহলীৰ

গুৱাহাটীৰ হেঙেৰাবাৰীস্থিত বিজেপিৰ কাৰ্য্যালয়ত বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ নলিন কোহলীৰ।

“২০১৯-ৰ নিৰ্বাচনৰ বিষয়ে এতিয়াই আলোচনা কৰাৰ সময় আহি পৰা নাই। ২০১৯ লৈ বহু দূৰ আছে। কাৰণ ২০১৯-লৈ আৰু প্ৰায় ৬ মাহ বাকী আছে। এতিয়া আমি ২০১৮ চনৰ মাজ পৰ্য্যায়ত আছো।”

আগন্তুক লোকসভাত বিজেপি দলে কি এজেণ্ডা লৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি সাংবাদিকে কৰা প্ৰশ্নৰ প্ৰসংগত আজি এনেদৰে মন্তৱ্য কৰে বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ নলিন কোহলীয়ে।

উল্লেখযোগ্য যে, আগন্তুক পঞ্চায়ত নিৰ্বাচন তথা লোকসভা নিৰ্বাচনক লক্ষ্য কৰি ৰাজ্যিক বিজেপিয়ে মালিগাওঁস্থিত ৰং ভৱনত মহিলা মৰ্চা, সংখ্যালঘু মৰ্চা, যুৱ মৰ্চাকে ধৰি ৮টা মৰ্চাৰ সৈতে সাংগঠনিক সভা অনুষ্ঠিত কৰি থকাৰ সময়তে জনতাৰ সমৰ্থন আদায় কৰাৰ চেষ্টা চলাই থকাৰ সময়তে বিজেপিৰ ৰাষ্ট্ৰীয় নেতাজনৰ এই মন্তব্যই বিশেষ তাৎপৰ্য্য বহন কৰিছে।

লক্ষণীয়ভাৱে আগন্তুক পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ অথবা অন্য হাইপ্ৰফাইল নেতাৰ অসমলৈ সঘনাই আগমণ ঘটা পৰিলক্ষিত হৈছে।

মন কৰিব লগীয়া যে আজি গুৱাহাটীৰ হেঙেৰাবাৰীস্থিত বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্য্যালয়ত এখন সংবাদমেল সম্বোধন কৰি নলিন কোহলীয়ে বিজেপিৰ এজেণ্ডাত প্ৰত্যেকটো দিনেই গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰে।

“চৰকাৰৰ মতাদৰ্শৰ বাবে দেশত উন্নয়ন সম্ভৱ হৈছে।”এনেদৰে মন্তব্য কৰি মোদীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে নেতাজন।

কংগ্ৰেছ অথবা অন্য বিৰোধী দলসমূহে বিজেপি দল শাসনলৈ অহাৰ পাছৰে পৰা দেশত অশান্তিয়ে বিৰাজ কৰিছে তথা সংবিধান উলংঘা হৈছে বুলি অভিযোগ তোলাৰ বিপৰীতে তেওঁ কয় “নৰেন্দ্ৰ মোদী চৰকাৰে প্ৰথম দিনটোৰ পৰাই ভাৰতীয় সংবিধানক বিশ্বাস কৰি কাম কৰি আহিছে। সংবিধানৰ অৰ্থ হৈছে সকলো ভাৰতীয়ই আইনৰ সন্মুখত সমান। সেয়েহে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মূল এজেণ্ডাই হৈছে সবকা সাথ সবকা বিকাশ।”

তেওঁ লগতে কয় “১২০ কোটি লোকৰ উন্নয়ন মানে দেশৰ উন্নয়ন, এইটো নৰেন্দ্ৰ মোদী চৰকাৰৰ প্ৰধান আদৰ্শ। এয়াৰ অৰ্থ প্ৰত্যেকজন নাগৰিক প্ৰগতিৰ দিশত আগ বাঢ়িলে দেশখনো প্ৰগতিৰ দিশে আগবাঢ়িব।

ইয়াৰোপৰি, ‘নৰেন্দ্ৰ মোদীয়ে নিজকে প্ৰধান সেৱক হিচাপেহে বিবেচনা কৰিছে, প্ৰধান মন্ত্ৰী হিচাপে নহয়’ এই বুলি উল্লেখ কৰাৰ লগতে কয়, “প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সদায় কৈ থাকে, মোক ভোটদান কৰা জনসাধাৰণৰ বাবে তথা যিসকলে ভোট দিয়া নাছিল সেইসকলৰ বাবেও মই প্ৰধান মন্ত্ৰী।”

আনহাতে, চৰকাৰৰ ৪ বছৰীয়া কাম-কাজতে প্ৰধান মন্ত্ৰীৰ দায়িত্ববোধৰ প্ৰতিফলন ঘটিছে বুলি তেওঁ সংবাদমেলত উল্লেখ কৰে।

সংবাদমেলত নেতাজনে বিজেপি চৰকাৰৰ ৪ বছৰীয়া কামৰ খতিয়ানৰ কিছু অংশ তুলি ধৰি কয়, “দেশৰ ১ লাখ ২০ হাজাৰ কিল’মিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ, ১ লাখ ৫০ হাজাৰ গাঁৱলীয়া পথ মেৰামতি, ৩১ কোটি জনতাই প্ৰধান মন্ত্ৰীৰ জন-ধন যোজনাৰ সাহায্য লাভ কৰিছে। উজালা আঁচনিৰ জৰিয়তে প্ৰায় ৪.৫০ কোটি জনসাধাৰণে গেছৰ চিলিণ্ডাৰ লাভ কৰিছে, বিদ্যুৎ ৰাহি কৰিবৰ উদ্দেশ্যে ৩০ কোটিতকৈ অধিক লোকক এল ই ডি বাল্ব বিতৰণ কৰা হৈছে।”

উল্লেখযোগ্য যে, তেওঁ সংবাদমেলত দেশৰ লক্ষাধিক কিল’মিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ তথা গাঁৱৰ ৰাস্তা-ঘাট নিৰ্মাণ তথা মেৰামতি কৰাৰ কথা জাহিৰ কৰে যদিও ৰাজ্যখনত বিভিন্ন ঠাইৰ ঘাইপথ তথা গাঁৱলীয়া পথৰ দুৰৱস্থাই জনসাধাৰণক এতিয়াও জীয়াতু ভুগাই আছে।

ইয়াৰ পৰা এটা কথা প্ৰমাণ হ’ল যে কেন্দ্ৰীয় চৰকাৰৰ সংশ্লিষ্ট বিভাগে ৰাস্তা-ঘাট নিৰ্মাণৰ বাবে আঁচনি হাতত লৈছে যদিও সেই আঁচনিসমূহে বৰ্তমানো অসমক স্পৰ্শ কৰিব পৰা নাই।

আনহাতে, উক্ত সংবাদমেলতে জাতীয় কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীক সমালোচনা কৰি তেওঁ কয় “মই লক্ষ্য কৰিছো ৰাহুল গান্ধীয়ে কিছুমান কল্পনাপ্ৰসূত ইচ্ছ্যুৰ সৃষ্টি কৰি কিছুমান মন্তব্য কৰি আছে।”

“কংগ্ৰেছে বিজেপিৰ বিৰুদ্ধে যিমানেই অপ-প্ৰচাৰ চলাই থাকক, দেশৰ জনতা মূৰ্খ নহয়, তেওঁলোক স্মাৰ্ট হয়, তেওঁলোক কংগ্ৰেছৰ অপপ্ৰচাৰত ভোল নাযায়।” নলিন কোহলীয়ে কয়।