লোকে লোকাৰণ্য বিশ্বনাথ ঘাট : ভক্তৰ সমাগমত উখল-মাখল বিশ্বনাথ ঘাটৰ বিশ্বনাথ মন্দিৰ

Bishwanath

আজি লোকে লোকাৰণ্য হ’ল বিশ্বনাথ ঘাট| হাজাৰ হাজাৰ ভক্তৰ সমাগমত বিশ্বনাথ ঘাট উদুলি-মুদিল হৈ পৰিল| ঢোল, তাল আৰু খোলৰ ছেৱে উছৱমুখৰ কৰি তুলিলে বিশ্বনাথ ঘাটৰ আকাশ-বতাহ|

ৰঙালী বিহুৰ আজি তৃতীয় দিনা বিশ্বনাথ ঘাটৰ ভক্তপ্ৰাণ ৰাইজে গোসাঁই বিহু পাতে। দিনত গাঁৱৰ ৰাজহুৱা নামঘৰত নাম-প্ৰসংগ কৰা হয়। পিছপৰি থকা নাই গুপ্তকাশী হিচাপে জনাজাত বিশ্বনাথ ঘাটো। পুৱা ভাগৰ পৰাই হাজাৰ হাজাৰ ভক্তৰ আগমন হয় বিশ্বনাথ দেৱালয়লৈ| ভক্তসকলে  “বিশ্বনাথ গোসাইক” লৈ শোভাযাত্ৰা উলিয়ায়| বিশ্বনাথ দেৱালয়ৰ পৰা “গোসাঁই”ক লৈ প্ৰতি ঘৰৰ পদূলি মুখত সেৱা লৈ বিশ্বনাথ ঘাটৰ পৰা প্ৰায় ৪ কিঃ মিঃ দূৰত থকা পানীভঁৰালত অস্থায়ীভাৱে গোসাঁই স্থাপন কৰা হয়, য’ত অগণন লোকৰ সমাগম ঘটে আৰু নিশাৰ ভাগত পৰম্পৰাগত নিয়মৰ মাজেৰে পুনৰ “গোসাঁই”ক উভতাই অনা হয় বিশ্বনাথ ধামলৈ|

আজিৰ এই অনুষ্ঠানৰ মাজতে উপস্থিত হৈছিল বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ। তেওঁ  গোসাঁই বিহু সম্পৰ্কে কিছু বক্তব্য আগ বঢ়োৱাৰ লগতে সমূহ অসমবাসীলৈ ৰঙালী বিহুৰ ওলগ যাচে।