শংকা নসাৎ; কোনো মাটিত আকাশ ভাঙি পৰা ঘটনা নঘটে : এন আৰ চিৰ খচৰা সন্দৰ্ভত বদৰুদ্দিন আজমল

Ajmol_Sacha

গুৱাহাটীৰ গাড়ীগাঁৱৰ দাৰুল উলুম মাদ্ৰাছাত এখন সংবাদমেলত বদৰুদ্দিন আজমল।

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ সম্পূৰ্ণ খচৰা প্ৰকাশৰ সময় চমু চাপি অহাৰ লগে লগে এ আই য়ু ডি এফ, আমছুকে ধৰি কেইবাটাও সংখ্যালঘু সংগঠনে খচৰাৰ পৰা বৃহৎ সংখ্যক সংখ্যালঘু লোকৰ নাম বাদ পৰাৰ শংকা ব্যক্ত কৰিছিল। কিন্তু আজি ২৮ জুলাইত সেই শংকাক এক প্ৰকাৰৰ নসাৎ কৰি দিলে স্বয়ং এ আই য়ু ডি এফ প্ৰধান তথা অসম ৰাজ্যিক জমিয়ত উলেমাৰ সভাপতি সাংসদ বদৰুদ্দিন আজমলে।

আজি গুৱাহাটীৰ গাড়ীগাঁৱৰ দাৰুল উলুম মাদ্ৰাছাত এখন সংবাদমেল অনুষ্ঠিত কৰি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ সম্পূৰ্ণ খচৰাত কাৰোবাৰ নাম নাথাকিলেও শংকিত নহ’বলৈ আহ্বান জনালে সাংসদগৰাকীয়ে। তেওঁ কয়, “এইখনো খচৰাহে, ইয়াত নাম নাথাকিলেও ভয় খাব নালাগে। খচৰাত নাম নাথাকিলে ওজৰ-আপত্তি কৰিব পাৰিব, আদালতলৈ যাব পাৰিব।”

তেওঁ লগতে কয়, “বহুতেই কৈ আছে এইখন খচৰাত নাম নাথাকিলে ধৰি-বান্ধি নি ডিটেনশ্যন কেম্পত ভৰাই থ’ব, কিন্তু এইবিলাক মিছা কথা।”

এনে ধৰণৰ উৰাবাতৰিৰে ৰাইজক ভয় নুখুৱাবলৈ আহ্বান আজমলৰ।

নাম নোলোৱাকৈ একাংশ নেতায়ো উৰাবাতৰি প্ৰচাৰ কৰি থকা বুলি তেওঁ মন্তব্য কৰে। “সেই নেতাসকলক চৰকাৰে জৰুৰীভাৱে গ্ৰেপ্তাৰ কৰি জেইলত ভৰাব লাগে।” বদৰুদ্দিন আজমলে কয়।

ইপিনে সমগ্ৰ অসমতে এন আৰ চিৰ সম্পূৰ্ণ খচৰাত বাদ পৰা লোকসকলক সহায়ৰ বাবে অহা ৩ আগষ্টৰ পৰা অসম ৰাজ্যিক জমিয়ত উলেমাই সেৱা আগ বঢ়াব বুলিও আজিৰ সংবাদমেলত আজমলে জানিবলৈ দিয়ে।

“জমিয়তৰ ফালৰ পৰা কাৰ্যকৰ্তাৰ দল গৈ সমগ্ৰ অসমতে সভা অনুষ্ঠিত কৰি খচৰাত নাম নথকা লোকসকলক বুজোৱা হ’ব। ইয়াত যথেষ্ট সংখ্যক শিক্ষিত ল’ৰা-ছোৱালীৰ লগতে পায় ২০জন অধিবক্তা থাকিব। তেওঁলোকে কেনেদৰে আৱদন কৰিব লাগে, ওজৰ-আপত্তি দৰ্শাব লাগে সেই ক্ষেত্ৰত ৰাইজক সহায় কৰিব। এই সহায় কেৱল যে মুছলমানকে কৰিম এনে নহয়, যিমান মানুহ বিপদত পৰিব, সকলোকে সহায় কৰা হ’ব।” আজমলে কয়।

এখন শুদ্ধ এন আৰ চি প্ৰকাশ পাব বুলি যথেষ্ট আশাবাদী বুলি জানিবলৈ দি তেওঁ কয়, “উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণত চলি থকা নাগৰিকপঞ্জী উন্নিতকৰণৰ প্ৰক্ৰিয়াত কিবা খেলি-মেলি হ’ব বুলি আমি ভৱা নাই। মাজতে কিছু ৰাজনৈতিক শক্তিয়ে বিধি-পথালি দিয়া আমি দেখা পাইছিলো আৰু আমি তাৰ বিপৰীতে বিভিন্ন ঠাইত অভিযোগ দিছিলো। এতিয়া সকলো ঠিকেই আছে যেন ভাব হয়। তথাপিতো যদি কিবা ভুল-ভ্ৰান্তি হয় তাৰ বাবে বিভিন্ন ব্যৱস্থা আছে।”

এন আৰ চিক লৈ কোনো অপ্ৰীতিকৰ ঘটনা নঘটে বুলিও তেওঁ আশা ব্যক্ত কৰে। “কোনো মাটিত আকাশ ভাঙি পৰা ঘটনা নঘটে। পৰহি ১২ বজাত খচৰা প্ৰকাশ হোৱাৰ পাছত চাই ল’ব, একো ঘটনাই নঘটে, মোৰ বিশ্বাস আছে।” আত্মবিশ্বাসেৰে আজমলে কয়।

তেওঁ গভীৰ আস্থাৰে লগতে কয়, “অসমৰ মানুহ শান্তিপ্ৰিয়। ভাৰতৰ আন ঠাই হোৱা হ’লে বেলেগ কথা আছিল, কিন্তু অসমত অশান্তিকৰ কোনো পৰিস্থিতিৰ উদ্ভৱ নহয়।”