NORTHEAST NOW (Assamese)

শংকৰদেৱ এগৰাকী আধ্যাত্মিক গুৰুৱেই নহয়, তেওঁ এগৰাকী সমাজ বিজ্ঞানীও আছিল : অসমৰ ৰাজ্যপাল

February 11, 2018 10:05 am · এন ই নাও নিউজ

‘’মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ এগৰাকী কোৱল ধৰ্ম গুৰুৱে নহয়, তেওঁ আছিল বহুমুখী প্ৰতিভাৰ আকৰ। তেওঁ আছিল একেধাৰে নাট্যকাৰ, শিল্পী, চিত্ৰকৰ আৰু এগৰাকী সমাজ বিজ্ঞানী,’’-শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৭ সংখ্যক বাৰ্ষিক অধিৱেশনৰ সামৰণিৰ দিনা ধৰ্মালোচনা সভাত মুখ্য অতিথি হিচাপে ভাষণ দি এইদৰে কয় অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে।

ৰাজ্যপাল গৰাকীয়ে কয় যে চতুৰ্দশ আৰু পঞ্চদশ শতিকাত সমাজত দেখা দিয়া অন্ধবিশ্বাস, ধৰ্মান্ধতা, জাতিভেদ আদিয়ে সমাজখনক অস্থিৰ কৰি তোলাৰ সময়তে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ ঘটিছিল।

‘’সমাজত সৃষ্টি হোৱা অনাহূত পৰিৱেশ আঁতৰ কৰিবলৈ মহাপুৰুষগৰাকীয়ে আধ্যাত্মিকতাৰ আশ্ৰয় লৈছিল আৰু সমাজৰ পৰা জাতিভেদ, উচ্চ-নীচ আদি দূৰ কৰিবলৈ এক আধ্যাত্মিক জাগৰণৰ সূচনা কৰিছিল।‘’

ৰাজ্যপালগৰাকীয়ে লগতে কয় যে শংকৰদেৱে গাঁৱে গাঁৱে নামঘৰ স্থাপন কৰি নামঘৰৰ মাজেদি এক ইশ্বৰবাদত আত্মসমৰ্পনৰ আদৰ্শ দাঙি ধৰিছিল। ৰাজ্যপাল মুখীয় নামঘৰক এক ক্ষুদ্ৰ সংসদ বুলি উল্লেখ কৰি ইয়াত মানুহে ন্যায় লাভ কৰে বুলি ব্যক্ত কৰে।

গোলাঘাট জিলাৰ দেৰগাঁৱৰ দা ধৰা আহোম পথাৰত পণ্ডিত ৰায়চাহাব গোপীকাবল্লভ গোস্বামী সমন্বয় ক্ষেত্ৰত যোৱা ৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৭ সংখ্যক বাৰ্ষিক অধিৱেশনৰ শনিবাৰে সন্ধিয়া সামৰণি পৰে।

উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় ৬০ হেজাৰ প্ৰতিনিধিয়ে এই অধিৱেশনত অংশগ্ৰহণ কৰিছিল। দৈনিক লাখ লাখ ভক্তৰ সমাগমেৰে বৈকুণ্ঠপুৰীত পৰিণত হোৱা দা-ধৰা আহোম পথাৰৰ সমন্বয় ক্ষেত্ৰত বিভিন্ন কাৰ্যসূচীৰ মাজেৰে মহাপুৰুষজনাৰ আদৰ্শ দাঙি ধৰাৰ প্ৰয়াস কৰা হৈছিল।

সামৰণিৰ দিনাৰ মুকলি সভাত বিশিষ্ট অতিথি হিচাপে অংশ গ্ৰহণ কৰে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। তদুপৰি, সাংসদ বিজয়া চক্ৰৱৰ্তী, গৌৰৱ গগৈকে ধৰি বহু বিশিষ্ট ব্যক্তিয়ে সভাত অংশ গ্ৰহণ কৰে।

Related News