শংকৰী কলা-কৃষ্টি বিকাশ কেন্দ্ৰৰ সোণালী জয়ন্তীৰ সামৰণি

Picture of Bhagawat rally

বিটিচিৰ ওদালগুৰি জিলাৰ কলাইগাঁৱ শংকৰী কলা-কৃষ্টি বিকাশ কেন্দ্ৰৰ শ্ৰী শ্ৰী ভাগৱত মন্দিৰৰ সোণালী জয়ন্তী উৎসৱ বেছ উলহ-মালহেৰে পৰিসমাপ্তি ঘটিল।

সোণালী জয়ন্তী উৎসৱৰ কাৰ্যসূচী যোৱা ২৯ জানুৱাৰিৰ পৰা বিভিন্ন সাংস্কৃতিক তথা ধৰ্মীয় অনুষ্ঠানৰ মাজেৰে শুভাৰম্ভণি হৈছিল। এই সোণালী জয়ন্তী উৎসৱ উপলক্ষে আয়োজকে প্ৰস্তুত কৰি উলিওৱা স্মাৰকগ্ৰন্থ ‘কৌস্তৱ’ৰ লগতে বিভিন্ন লিখকৰ কিতাপো উন্মোচন কৰা হয়।

আনহাতে যোৱা ৩১ জানুৱাৰিৰ দিনা ৰাতিপুৱা ১০ বজাত এটা বিশাল ভাগৱত শোভাযাত্ৰা উলিওৱা হয়। শোভাযাত্ৰাটো আনুষ্ঠানিকভাবে উদ্বোধন কৰে বিটিচি কাৰ্যকৰী সদস্য জগদীশ সৰকাৰে।

হাজাৰৰো অধিক লোকে নিজৰ নিজৰ পৰম্পৰাগত কৃষ্টি-সংস্কৃতি দাঙি ধৰাৰ উদ্দেশ্যে তথা পৰম্পৰাগত সাজ-পাৰ পৰিধান কৰি শোভাযাত্ৰাটোত অংশগ্ৰহণ কৰে।

ইফালে উক্ত দিনাই সন্ধিয়া এখন মুকলি সভা অনুষ্ঠিত হয়। মুকলি সভাখন বিটিচি কাৰ্যকৰী সদস্য জগদীশ সৰকাৰৰ সভাপতিত্বত পৰিচালনা হয়।

কলাইগাঁৱ শংকৰী কলা-কৃষ্টি বিকাশ কেন্দ্ৰৰ সম্পাদক লোহিত চন্দ্ৰ নাথে উৎসৱত উপস্থিত থকা সকলো লোক আৰু বিশিষ্ট অতিথি সকলক স্বাগতম জনায়।

ইয়াৰ পূৰ্বে মুকলি অধিৱেশন খনৰ সম্ভাষণ মূলক বক্তৃতা প্ৰদান কৰে ওদালগুৰি জিলাৰ বিদ্যালয় উপ পৰিদৰ্শক শান্ত ৰাম কছাৰীয়ে। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কলাইগাঁৱ সমষ্টিৰ বিধায়ক মহেশ্বৰ বড়ো।

মুখ্য অতিথি বড়োৱে ভাগৱত গীতাৰ বাণী সকলো সম্প্ৰদায়ৰ মাজত বিলাই দিয়াৰ কাৰ্যৰ বাবে মন্দিৰ পৰিচালনা সমিতিক ধন্যবাদ জ্ঞাপন কৰে।

মুকলি সভাত নিৰ্দিষ্ট বক্তাৰূপে উপস্থিত থকা প্ৰভাত দাসে বৈষ্ণৱ ধৰ্মৰ বিষয়ে গভীৰতালৈ যোৱা বা সাধাৰণভাবে জানিবলৈ হ’লে ধৰ্মীয় সম্বন্ধিত বহুতো কিতাপ পঢ়িব লাগিব বুলি তাৎপৰ্যমূলক মন্তব্য কৰে।