NORTHEAST NOW (Assamese)

শণিবাৰৰ পৰা নিখোজ বজালীৰ ছাত্ৰ অংকুৰ ৰয়ৰ মৃতদেহ উদ্ধাৰ

December 31, 2017 12:57 pm · শশাংক তালুকদাৰ
Updated: December 31, 2017 1:03 pm

শনিবাৰৰ পৰা নিখোজ হৈ থকা ১৮বছৰীয়া যুৱক অংকুৰ ৰয়ৰ মৃতদেহ আজি ৰাতিপুৱা ঠিক ১০.৩০মান বজাত পহুমৰা চাপৰি নদীৰ পৰা আৰক্ষী আৰু এছ ডি আৰ এফ বাহিনীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। দুমৰীয়া গাঁওৰ প্ৰমোদ ৰয়ৰ মৃত পুত্ৰ অংকুৰ ৰয় বজালী কলেজৰ উচ্চতৰ মাধ্যমিক দ্বাদশ শ্ৰেণীৰ ছাত্ৰ আছিল।

শণিবাৰে অংকুৰে নিজৰ সমনিয়াৰ সৈতে পুৰণি বছৰক বিদায় দি নতুনক আদৰাৰ বাবে পহুমৰা চাপৰিলৈ বনভোজ খাবলৈ গৈছিল। উল্লেখযোগ্য যে বনভোজস্থলীতে থকা নদীত সমনীয়াৰ সতে গা ধুবলৈ গৈ হঠাতে অন্তৰ্ধান হয়। লগে লগে এজন বন্ধুৱে বচাবলৈ চেষ্টা কৰে যদিও উদ্ধাৰ কৰাত ব্যৰ্থ হয়। ঘটনা সংঘটিত হোৱাৰ পিছত আৰক্ষী আৰু এছ ডি আৰ এফ বাহিনীয়ে উদ্ধাৰ অভিযান চলায় যদিও শণিবাৰৰ নিশা পৰ্যন্ত নিখোজ অংকুৰক উদ্ধাৰ কৰিবলৈ সক্ষম নহ’ল। কিন্তু আজি ৰাতিপুৱা বনভোজস্থলীৰ সমীপৰ পৰাই উদ্ধাৰকাৰী দলে অংকুৰৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। মৃতদেহ উদ্ধাৰৰ লগে লগে যুৱকজনৰ পৰিয়াল তথা অঞ্চলবাসীৰ মাজত এক শোকাকুল পৰিৱেশে বিৰাজমান কৰে।

Related News