শশীন্দ্ৰ কুমাৰ চহৰীয়া সোঁৱৰণী ক্ৰিকেটৰ ফাইনেলত প্ৰৱেশ মঙলদৈ ক্ৰিকেট একাডেমিৰ দুই দলৰ

মঙলদৈত অনুষ্ঠিত প্ৰথম শশীন্দ্ৰ কুমাৰ চহৰীয়া সোঁৱৰণী ১৮ বছৰ অনুৰ্ধ জিলা পৰ্যায়ৰ আন্তঃবিদ্যালয় ক্ৰিকেট প্ৰতিযোগিতাত মঙলদৈ ক্ৰিকেট একাডেমিৰ ‘এ’ আৰু ‘বি’ উভয় দলে ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে।

আজি মঙলদৈ ষ্টেডিয়ামত অনুষ্ঠিত দ্বিতীয়খন ছেমি ফাইনেলত মঙলদৈ ক্ৰিকেট একাডেমিৰ ‘বি’ দলে মঙলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ক ৯ উইকেটত পৰাস্ত কৰে।

উল্লেখ্য যে টছত জয়ী হৈ প্ৰথমে বেট ধৰা মঙলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দলে মাত্ৰ ৫৬ ৰানতে আটাইকেইটা উইকেট হেৰুৱায়।

মঙলদৈ ক্ৰিকেট একাডেমিৰ হৈ আচিফ আলী মটলিয়াৰে মাত্ৰ ১৫ ৰান দি ৩টা উইকেট দখল কৰে।

আনহাতে মঙলদৈ ক্ৰিকেট একাডেমিয়ে বেট ধৰিব আহি মঙলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বলাৰক ধৰাশায়ী কৰি মাত্ৰ ১টা উইকেটৰ বিনিময়ত ১০.১ অ’ভাৰতে নিৰ্ধাৰিত লক্ষ্যত উপনিত হয়। একাডেমিৰ হৈ খুৰছিদ আলমে ২৬ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে।

পূৰ্বতে অনুষ্ঠিত প্ৰথমখন ছেমীত ক্ৰিকেট একাডেমিৰ ‘এ’ দলে মঙলদৈ ড’ন ব’স্কো হাই স্কুলক ২০ ৰানত পৰাস্ত কৰে। উক্ত খেলখনত মঙলদৈ ক্ৰিকেট একাডেমিৰ ‘এ’ দলে বান্ধি দিয়া ৯০ ৰানৰ লক্ষ্যক অনুসৰণ কৰি  ড’ন ব’স্কোৰ দলে ৬৯ ৰানতে নিজৰ খেল সামৰিবলৈ বাধ্য হয়।

ক্ৰিকেট প্ৰতিযোগিতাখনত জিলাখনৰ মুঠ ১০টা দলে অংশগ্ৰহণ কৰে বুলি মঙলদৈ ক্ৰীড়া সংস্থাৰ বিষয়া মিণ্টু শৰ্মাই জানিবলৈ দিয়ে।

অহা ২৫ মাৰ্চত প্ৰতিযোগিতাখনৰ ফাইনেল খেল অনুষ্ঠিত হ’ব।