শান্তিপুৰ আৰক্ষী আৰু সেনাৰ যুটীয়া অভিযানত গ্ৰেপ্তাৰ এনবিএফবিৰ (সং) কেডাৰ

NDFB-member-held-570x320

সোমবাৰে শান্তিপুৰ আৰক্ষী আৰু চিৰাঙৰ সেনাই যুটীয়া অভিযানত এনডিএফবিৰ (সং) এজন কেডাৰক আটক কৰিবলৈ সমৰ্থ হৈছে। ধৃত কেডাৰজনক এনডিএফবিৰ আলোচনা বিৰোধী গোটটোৰ কৃষি সচিব বাথাৰ ঘনিষ্ঠ ছইখং বুলি চিনাক্ত কৰা হৈছে।

এক নিৰ্ভৰযোগ্য তথ্যৰ ওপৰত ভিত্তি কৰি শান্তিপুৰ আৰক্ষী থানা আৰু চিৰাঙত বাহৰ পাতি থকা সেনাৰ এটা গোটে যুটীয়া অভিযানত এনডিএফবি সংবিজিত গোটৰ গুৰুত্বপূৰ্ণ সদসজনক ধৰিবলৈ সক্ষম হয়।

সূত্ৰটোৱে দাবী কৰা মতে ছইখং হৈছে এনডিএফবিৰ(সং)৪০জনীয়া চামটোৰ আটাইতকৈ প্ৰবীণ সদস্য। তেওঁক পূৰ্বেও আটক কৰা হৈছিল আৰু জামিনত মুক্তি দিয়া হৈছিল যদিও তেওঁ পুনৰ আলোচনা বিৰোধী গোটটোৰ সৈতে কাম কৰিবলৈ ধৰে। ছইখঙে গোটটোৰ প্ৰশাসনিক সংযোগ হিচাপে কাম কৰাৰ উপৰিও ধন সংগ্ৰহৰ কামতো জড়িত আছিল।

তেওঁৰ পৰা এটা ৰিভলভাৰ আৰু চাৰি জাঁই গুলি আৰু দুটা ফায়াৰ কেছ উদ্ধাৰ কৰা হৈছে।

উল্লেখ্য যে যোৱা ৭ মে’ত আৰক্ষী আৰু ১২ শিখ লাইট ইনফেণ্ট্ৰী ৰেজিমেণ্টৰ যুটীয়া অভিযানত এনডিএফবিৰ (সং) এজন অভাৰগ্ৰাউণ্ড সদস্য ধৰা পৰিছিল।

অভাৰগ্ৰাউণ্ড সদস্যজনক কোকৰাঝাৰ জিলাৰ দোতমা তেহছিলৰ ছেৰফাংগুৰি গাঁওৰ পৰা আটক কৰা হৈছিল।তেওঁৰ পৰা নিৰাপত্তা বাহিনীয়ে এটা দেশীয়ভাৱে নিৰ্মিত পিষ্টল আৰু ছিম কাৰ্ডসহ দুটা মোবাইল হেণ্ডছেট উদ্ধাৰ কৰিছিল।

গ্ৰেপ্তাৰ হোৱা অভাৰগ্ৰাউণ্ড সদস্যজনক ছেৰফাংগুৰি আৰক্ষী থানাৰ অন্তৰ্গত পাটগাঁওৰ উত্তৰ গুৱাবাৰীৰ নিৰ্মল গয়াৰীৰ পুত্ৰ ২৬ বছৰ বয়সীয়া অজিত গয়াৰী বুলি চিনাক্ত কৰা হৈছে।

অভাৰগ্ৰাউণ্ড সদস্য ধৃত অজিত গয়াৰী ছেৰফাংগুৰি আৰু পাটগাঁও এলেকাত ধনদাবী আৰু সদস্য ভৰ্তিকৰণ আদিৰ সৈতে জড়িত আছিল।