NORTHEAST NOW (Assamese)

শান্তি-সম্প্ৰীতি অটুট ৰাখক; অন্ধবিশ্বাসৰ পৰা সমাজক মুক্ত কৰক : নীলোৎপলৰ মাক-দেউতাকৰ ৰাইজলৈ গোহাৰি

June 12, 2018 12:15 am · এন ই নাও নিউজ

ডকমকাত নৃশংস হত্যাকাণ্ডৰ বলি হোৱা নীলোৎল দাসৰ শোকদগ্ধ পিতৃ-মাতৃয়ে আজি অসমৰ ৰাইজলৈ এক বিনম্ৰ গোহাৰি জনাইছে। ছপা আকাৰত দিয়া এই গোহাৰিটোত ৰাইজক শান্তি-সম্প্ৰীতি অটুট ৰাখিবলৈ কোৱা হৈছে। লগতে তেওঁলোকৰ সন্তানৰ মৃত্যুত সমবেদনা জনোৱা আৰু শোক প্ৰকাশ কৰা ব্যক্তি, দল-সংগঠন সকলোলৈকে কৃতজ্ঞতা জ্ঞাপন কৰে।

আনহাতে নিজৰ সন্তানক হেৰুওৱা এই দুৰ্ভাগ্যজনক ঘটনাটোক লৈ যাতে কোনেও ৰাজনীতি নকৰে তাৰ বাবেও আহ্বান জনাইছে। একাংশ দুষ্কৃতিকাৰীয়ে এই ঘটনা সংঘটিত কৰিছে বুলি কৈ কয় যে দোষীয়ে শাস্তি পোৱাটো তেওঁলোকৰ কাম্য।  কিন্তু কোনো নিৰীহৰ যাতে হাৰাশাস্তি নহয় তাৰ বাবেও তেওঁলোকে সকলোকে অনুৰোধ জনাইছে।

দুয়ো চৰকাৰলৈ আহ্বান জনাইছে যাতে কোনো ঠাইতে যাতে মানুহ অন্ধবিশ্বাসৰ বলি নহয় তাৰ বাবে চকু ৰাখে যেন। সমাজৰ সকলো অংশকে অন্তৰ্ভুক্ত কৰি অন্ধবিশ্বাসৰ বিৰুদ্ধে বাস্তৱসন্মত সজাগতা কাৰ্য্যসূচী ল’বলৈ তেওঁলোকে আহ্বান জনাইছে।

এই সন্ধিক্ষণত আমাৰ সাতামপুৰুষীয়া শান্তি-সম্প্ৰীতি  বিনষ্ট নকৰিবলৈও সকলোকে তেওঁলোকে আহ্বান জনায়।

Related News