NORTHEAST NOW (Assamese)

শাসকীয় দল বিজেপি এৰি কংগ্ৰেছলৈ প্ৰাক্তন বিধায়ক

December 26, 2017 4:16 pm · এন ই নাও নিউজ
Updated: December 26, 2017 4:19 pm

অসমৰ সাম্প্ৰতিক ৰাজনৈতিক গতিধাৰাত ওলোটা দিশত খোজ পেলাই শাসনাধিষ্ঠিত বিজেপি দলৰ নেতা তথা প্ৰাক্তন বিধায়ক মনোৰঞ্জন দাসে বিজেপিৰ ঘোৰ বিৰোধী দল কংগ্ৰেছ দলত যোগদান কৰাৰ সিদ্ধান্ত ৰাজহুৱা কৰিছে। শ্ৰীযুত দাসে উক্ত ঘোষণাটো কৰে বিজেপি দলে সমগ্ৰ দেশতে প্ৰাক্তন প্ৰধান মন্ত্ৰী অতলবিহাৰী বাজপেয়ীৰ জন্মদিনটোক সুপ্ৰশাসনৰ দিন হিচাপে উদযাপন কৰা দিনটোতে। তেওঁ অহা বৃহস্পতিবাৰে কংগ্ৰেছ দলটোৰ এক কাৰ্য্যসূচীত আনুষ্ঠানিকভাৱে যোগদান কৰাৰ কথা। জানিব পৰা মতে প্ৰদেশ কংগ্ৰেছৰ নেতাসকলে তেওঁৰ সিদ্ধান্তক আদৰণি জনাইছে আৰু দলৰ মজিয়াত ঠাই দিবলৈ আগ্ৰহী হৈ আছে।

উল্লেখযোগ্য যে শ্ৰীযুত দাস পাটাছাৰকুচি বিধানসভা সমষ্টিৰ পৰা ২০১১ চনত বিজেপি দলক প্ৰতিনিধিত্ব কৰি বিধায়ক হৈছিল। কিন্তু বিজেপিয়ে যোৱা নিৰ্বাচনত তেওঁক দলৰ টিকট নিদিলে। তেওঁৰ সমষ্টিটো বিজেপিয়ে মিত্ৰতা কৰা অগপ দলক এৰি দিছিল আৰু অগপৰ পবিন্দ্ৰ ডেকাই কংগ্ৰেছৰ শৈলেন কলিতাক পৰাজয় কৰি সমষ্টিটোৰ পৰা বিধায়ক হৈছিল।

এটা বিশেষ সূত্ৰই কয় যে উক্ত কাৰ্য্যসূচীতে মনোৰঞ্জন দাসৰ লগতে আন কেইবাটাও দলৰ কেইবাজনো নেতা-কৰ্মীয়ে কংগ্ৰেছত যোগদান কৰাৰ কথা।

Related News