NORTHEAST NOW (Assamese)

শাৰীৰিক সম্পৰ্ক ৰক্ষা কৰিও প্ৰেমিকাক প্ৰতাৰণা কৰা মন্দিৰৰ পূজাৰীক জেইললৈ প্ৰেৰণ

April 27, 2018 5:52 pm · এন ই নাও নিউজ

ৰাজ্যত প্ৰত্যেক দিনাই নাৰী নিৰ্যাতনৰ ঘটনা বৃদ্ধি পাই অহাৰ সময়তে এইবাৰ কোকৰাঝাৰ জিলাত এগাৰীক পিতৃ-মাতৃহীন তথা অসহায় যুৱতীক প্ৰেমৰ চালনাৰে শাৰীৰিক সম্পৰ্ক ৰক্ষা কৰি এজন পূজাৰীয়ে অৱশেষত প্ৰতাৰণা কৰাৰ দৰে এটা ঘটনা পোহৰলৈ আহিছে।

উল্লেখযোগ্য যে কচুগাঁও নিবাসী প্ৰয়াত তপন মুখাৰ্জীৰ পুত্ৰ তথা কচুগাঁও মহামায়া মন্দিৰৰ পূজাৰী সঞ্জীৱ মুখাৰ্জী(৩৫)য়ে এগাৰীক পিতৃ-মাতৃহীন তথা অসহায় যুৱতীক যোৱা তিনিবছৰ ধৰি প্ৰেমৰ চালনা আৰু বিয়াৰ প্ৰলোভনেৰে শাৰীৰিক সম্পৰ্ক ৰক্ষা কৰি আহিছিল।

পিছত যুৱতী গৰাকীয়ে সঞ্জীৱক বিয়াৰ প্ৰস্তাৱ দিলেই লম্পট সঞ্জীৱে কেইদিনমান ধৈৰ্য ধৰাৰ কথা কৈ যুৱতী গৰাকীৰ সৈতে শাৰীৰিক সম্পৰ্ক বজাই ৰাখিছিল।

ইফালে লম্পট সঞ্জীৱ তথা মন্দিৰৰ পূজাৰীয়ে গোপনে আন এগৰাকী যুৱতীৰ সৈতে বিয়াৰ দিন ধাৰ্য্য কৰিছিল। আৰু এই কথা ভোক্তভূগী যুৱতীগৰাকীয়ে জানিব পাৰি প্ৰেমিক তথা সঞ্জীৱৰ ঘৰত উপস্থিত হৈ বিয়াৰ প্ৰস্তাৱ ৰাখে।

কিন্তু বিয়াৰ প্ৰস্তাৱ দিয়াৰ লগে লগে সঞ্জীৱ আৰু সঞ্জীৱৰ পৰিয়ালৰ লোকে যুৱতী গৰাকীক প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰি ঘৰৰ পৰা বাহিৰ কৰি দিয়ে। ফলত যুৱতী গৰাকীয়ে উপায়বিহীন হৈ কচুগাঁও থানাত প্ৰেমিকে কৰা প্ৰতাৰণাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে।

আনহাতে আৰক্ষীয়ে যুৱতী গৰাকীয়ে ৰুজু কৰা গোচৰৰ ভিত্তিতে লম্পট যুৱক তথা সঞ্জীৱক আটক কৰি আদালতত হাজিৰ কৰোৱাত আদালতে আজি যুৱকজনক জেইললৈ প্ৰেৰণ কৰে।

Related News