শিক্ষাগত অৰ্হতাৰ ভুৱা প্ৰমাণ পত্ৰৰে চাকৰিৰ কৰি অৱসৰ ল’লে লামডিং পৌৰসভাৰ মুখ্য সহায়কে

ভুৱা প্ৰমাণ পত্ৰেৰে এজন লোকে সুদীৰ্ঘ দিন চাকৰি কৰাৰ এক ঘটনা পোহৰলৈ আহিছে । এই ঘটনাটো হোজাই জিলাৰ লামডিঙৰ। সূত্ৰটোৱে জনোৱা মতে হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ ভুৱা প্ৰমাণ পত্ৰ আৰু নম্বৰ তালিকাৰে চাকৰিত যোগদান কৰি প্ৰশান্ত চৌধুৰী নামৰ লোকজনে সুদীৰ্ঘ দিন চাকৰি কৰি যোৱা ৩০ নৱেম্বৰত অৱসৰ লয়। কিন্তু চাকৰি শেষ হোৱাৰ পিছতহে এই ঘটনাটো পোহৰলৈ অহাটোৱে তাৎপৰ্য্য বহন কৰিছে। জানিব পৰা মতে পৌৰসভাৰ সভানেত্ৰী গৰাকীয়ে হঠাৎ চৌধুৰীৰ নথি পত্ৰ নিৰীক্ষণ কৰাত এই তথ্য পোহৰলৈ আহে। উল্লেখযোগ্য যে ১৯৭৫ চনতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰশান্তৰ প্ৰমাণ পত্ৰত সৰ্বমুঠ নম্বৰ ১৫৬ বুলি উল্লেখ আছে যদিও বিভিন্ন বিষয়ৰ নম্বৰৰ শিতানবোৰ সম্পূৰ্ণ উকা।  সেইখন দেখি লগে লগে সভানেত্ৰীগৰাকীয়ে প্ৰশান্ত চৌধুৰীয়ে পঢ়া বিদ্যালয়খনত গৈ পুৰণি তথ্য বিচৰাত তাত পাছ বুলিয়ে লিখা আছিল যদিও লামডিং পৌৰসভাৰপৰা এখন  চিঠি ছেবালৈ প্ৰেৰণ কৰে আৰু তাৰ উত্তৰত  ছেবাৰপৰা প্ৰশান্ত চৌধুৰীৰ সকলো প্ৰমাণপত্ৰ আৰু মাৰ্কশ্বিট ভূৱা বুলি উত্তৰ আহে৷ এই তথ্য পোহৰলৈ অহাত সভানেত্ৰী স্বস্তিকা ৰাউতে লামডিং আৰক্ষী থানাত ২১০/১৭ ধাৰাত এক গোচৰ ৰুজু কৰে। গোচৰৰ ভিত্তিত আৰক্ষীয়ে চৌধুৰীক বিচাৰি তেওঁৰ ঘৰত যায় যদিও তেওঁ গুৱাহাটীলৈ যোৱা বুলি কোৱাত ওভটি আহিব লগীয়া হয়।