NORTHEAST NOW (Assamese)

শিক্ষা মন্ত্ৰীক সাক্ষাৎ সংযোগী শিক্ষাকৰ্মী সন্থাৰ : ৩টা দাবী সম্বলিত স্মাৰকপত্ৰ প্ৰদান

May 16, 2018 9:35 pm · কল্পজ্যোতি শইকীয়া

সদৌ অসম সংযোগী শিক্ষাকৰ্মী সন্থাৰ সভাপতি আব্দুল কালামৰ নেতৃত্বত সন্থাৰ প্ৰতিনিধিবৰ্গই আজি নৱ নিৰ্বাচিত শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যক সাক্ষাৎ কৰি তিনিটা দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰদান কৰে।

উল্লেখযোগ্য যে ৰাজ্যপালৰ অধিসূচনা মৰ্মে ২০০৫-২০০৬ চনৰ পৰা সম্পূৰ্ণ মেধা ভিত্তিত গাঁও শিক্ষা সমিতি তথা চাহ বাগিচা শিক্ষা সমিতিৰ জৰিয়তে যাৱতীয় আনুষ্ঠানিকতা সম্পন্ন কৰি সমগ্ৰ অসমৰ সংযোগী শিক্ষা কেন্দ্ৰসমূহত মুঠ ১০,৬৩৩ গৰাকী শিক্ষকক ঠিকাভিত্তিক নিযুক্তি দিছিল।

কিন্তু সংযোগী শিক্ষাকৰ্মীসকলে মাত্ৰ ১০০০ টকাৰ পৰা ৩ হাজাৰ টকাৰ মাননী লৈ এটা পৰিয়াল পোহপাল দিয়াটো কোনোপধ্যে সম্ভব নহয় বুলি নৰ্থ-ইষ্ট নাওৰ আগত সদৰী কৰি সভাপতি আব্দুল কালামে লগতে জনাই যে বিভাগীয় কতৃপক্ষই কোনো আগজাননী নিদিয়াকৈ শিক্ষাকৰ্মীসকলক শিক্ষকতাৰ পৰা অব্যহতি দিয়াৰ বাবে তেওঁলোকৰ ভৱিষ্যত অন্ধকাৰ হৈ পৰিছে।

সন্থাৰ তৰফৰ পৰা বিভাগীয় কতৃপক্ষৰ ওচৰত শিক্ষাকৰ্মীসকলৰ চাকৰি বাহাল ৰাখিবৰ বাবে দাবী জনাই আহিছে যদিও কেবল মৌখিক প্ৰতিশ্ৰুতি আৰু আশ্বাসৰ মাজতে দিন কটাবলগীয়া হৈছে বুলিও সভাপতিগৰাকীয়ে অভিযোগ তোলে।

সেয়েহে আজি সন্থাৰ তৰফৰ পৰা নব নিৰ্বাচিত শিক্ষা মন্ত্ৰীগৰাকীক সাক্ষাৎ কৰি সম্বৰ্দ্ধনা জনোৱাৰ লগতে তিনিটা দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰদান কৰে।

সন্থাৰ দাবীকেইটা হৈছে সংযোগী শিক্ষাকৰ্মীসকলক প্ৰাক-প্ৰাথমিক শিক্ষক পদত স্থায়ী নিযুক্তি দিয়া, সহযোগী শিক্ষক হিচাপে পাঠদান দিয়া বিদ্যালয়ত সংযোগী শিক্ষাকৰ্মীসকলক নিযুক্তি দিয়া আৰু সংযোগী শিক্ষাকৰ্মীসকলৰ বয়সৰ উৰ্দ্ধসীমা ৰেহাই দিয়া।

শিক্ষা মন্ত্ৰী গৰাকীয়ে বিভাগীয় কতৃপক্ষৰ সৈতে বিষয়টো আলোচনা কৰি সমাধান কৰা হ’ব বুলি সন্থাক আশ্বাস প্ৰদান কৰে।

Related News