NORTHEAST NOW (Assamese)

শিঙৰা নদীৰ বানত লখিমপুৰত এসপ্তাহ ধৰি পানীৰ তলত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ

July 9, 2018 1:20 pm · প্ৰণব কুমাৰ দাস

বিগত কেইবাদিন ধৰি শিঙৰা নদীৰ বাঢ়নি পানীয়ে লখিমপুৰৰ বিস্তীৰ্ণ অঞ্চল প্লাবিত কৰাৰ সমান্তৰালকৈ উজনি অসমৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে পানী বাগৰি থকাৰ ফলত সাধাৰণ জনতাৰ লগতে যাত্ৰীসকল বিশেষ সমস্যাত পৰা পৰিলক্ষিত হৈছে।

যোৱা এসপ্তাহ ধৰি অব্যাহত থকা শিঙৰা নদীৰ তাণ্ডৱে ইতিমধ্যে দলহাট ফুলবাৰী সংযোগী পথটোৰ দলহাট তিনিআলিৰ সমীপত প্রায় ১০০ মিটাৰ পথ বিচ্ছিন্ন কৰি পেলোৱাৰ পাছতে শিঙৰা নদীয়ে নিজৰ বোৱতি পথ সলাই পেলাই পথৰ ভঙা অংশৰে ববলৈ লয়।

আনহাতে এতিয়া শিঙৰা নদীৰ পানীয়ে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথটোও বুৰাই পেলাইছে। বিগত কেইবাদিন ধৰি ঘাইপথটোৰ ওপৰেৰে পানী বাগৰি থকাৰ ফলত এতিয়া ধেমাজী জিলাৰ লগতে অৰুণাচল প্ৰদেশৰ দুখনকৈ জিলাৰ মাজত ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা।

জানিব পৰা মতে ৰাষ্ট্ৰীয় ঘাইপথটোৰে যাত্ৰীবাহী গাড়ীসমূহ সম্পূৰ্ণ জিলা প্ৰশাসন আৰু সুৰক্ষা কৰ্মীৰ তত্বাৱধানত চলাচল কৰি আছে।

আনহাতে অৰুণাচল প্ৰদেশত হৈ থকা নেৰা নেপেৰা বৰষুণৰ ফলত লখীমপুৰৰ উপৰি বিশ্বনাথ জিলাৰ গহপুৰ মহকুমাতো বানে সংহাৰী ৰূপ ধাৰণ কৰি বহু কেইখন গাওঁ জলমগ্ন কৰি তুলিছে।

Related News