শিলচৰত ১৯ যোৰ দৰা-কইনাৰ সামূহিক বিবাহ সম্পন্ন

Massa-wedding-570x320

প্ৰতিনিধিত্বমূলক ফটো

সমাজৰ আৰ্থিকভাৱে পিছপৰা শ্ৰেণীৰ লোকসকলক সহায়ৰ হাত আগবঢ়াই অহা শিলচৰ কেন্দ্ৰৰ লায়ন্ছ ক্লাৱে দেওবাৰে উৎসাহ-উদ্দীপনাৰ মাজেৰে এক সামূহিক বিবাহৰ অনুষ্ঠান সম্পন্ন কৰে।

১৯ যোৰা দৰা-কইনাক শিলচৰৰ দেশভক্ত তৰুণৰাম ফুকন স্কুলৰ চৌহদত সামূহিকভাৱে বিবাহৰ বান্ধোনত প্ৰৱেশৰ  ব্যৱস্থা কৰি দিয়ে। দৰা-কইনা  বেছি সংখ্যকেই চাহ বাগানৰ পৰা অহা।

‘’আমি এক পাহৰিব নোৱাৰা অভিজ্ঞতা লাভ কৰিব বিচাৰিছিলো আৰু আমি সুখী আমি আজি  ইয়াত অংশগ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছিলো,’’-অনুষ্ঠানত অংশগ্ৰহণ কৰা বিনিতা মুণ্ডা নামৰ ২৬ বছৰীয়া যুৱতীগৰাকীয়ে এইদৰে কয়।

তেওঁৰ গিৰিয়েক উমেশ কাৰাইটে কয় যে দম্পতীহাল তেওঁলোকৰ বিবাহ সম্ভৱ কৰি তোলাৰ বাবে লায়নছ ক্লাৱৰ প্ৰতি কৃতজ্ঞ।

বহু দম্পতীয়ে ৰং মিলাই আৰু পৰম্পৰাগত ৰঙীণ সাজ পোছাক পৰিধান কৰিছিল।

প্ৰকৃত দম্পতীৰ বাবে খৰচ হ্ৰাস কৰাৰ উপায় হিচাপে ভাৰতত সামূহিক বিবাহ সাধাৰণভাৱে দেখা যায়। এনেধৰণৰ বিবাহ অনুষ্ঠানবিলাক সাধাৰণতে সামূহিক গোট, সমাজিক কৰ্মী বা স্থানীয় নেতাসকলে আয়োজন কৰা দেখা যায়।

কাছাৰৰ উপায়ুক্ত ড০ এছ লক্ষ্মনন, শিলচৰ পৌৰ পৰিষদৰ অধ্যক্ষ এন এন ঠাকুৰ আৰু আন বিশিষ্ট অতিথিসকলে অনুষ্ঠানত উপস্থিত থাকি নৱ দম্পতীক আশীৰ্বাদ দিয়ে।

এই বিবাহৰ অনুষ্ঠানটোত সংগঠনটোৰ জিলা গৱৰ্ণৰ ৰাধা আগৰৱালো উপস্থিত আছিল।