শিশু কৰ্কট ৰোগীৰ সাহায্যাৰ্থে সদৌ অসম ভিত্তিক সংগীত প্ৰতিযোগিতা

সংগীত প্ৰতিযোগিতা

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কৰ্কট ৰোগত আক্ৰান্ত শিশু সকলৰ চিকিৎসাৰ ক্ষেত্ৰত কিছু আশাৰ ৰেঙণি সঞ্চাৰিত কৰাৰ ক্ষেত্ৰত ‘শাশ্বত-এক আশাৰ ৰেঙণি’ নামৰ সামাজিক সংস্থাটোৰ উদ্যোগত অহা ৩১ মাৰ্চত সদৌ অসম ভিত্তিত অসমীয়া সংগীত প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।

এই সংস্থাৰ সাধাৰণ সম্পাদক শেখৰ জ্যোতি নাথে নৰ্থ ইষ্ট নাওক জানিবলৈ দিয়া অনুসৰি তেওঁলোকে এই প্ৰতিযোগিতাখন মহানগৰীৰ জিলা পুথিভঁড়ালত অনুষ্ঠিত কৰিব।

শিশু কেঞ্চাৰ ৰোগীৰ সাহায্যাৰ্থে অনুষ্ঠিত কৰিবলৈ প্ৰয়াস কৰা এই অনুষ্ঠানত ডিজিটেল মেডিয়া হিচাপে নৰ্থ ইষ্ট নাও, প্ৰথম খবৰ, আসাম টকচ, জনসাধাৰণ, ভাল খবৰ আৰু বিচ্ছুৰিত বৰ্ণালী থাকিব।

ডিজিটেল মেডিয়া পাৰ্টনাৰ হিচাপে নৰ্থ ইষ্ট নাও ৱে সমৰ্থন আগবঢ়োৱাৰ বাবে তেখেতসকলে নৰ্থ ইষ্ট নাওক ধন্যবাদ জ্ঞাপন কৰে। লগতে সাঃসম্পাদক শেখৰজ্যোতি নাথে নৰ্থ ইষ্ট নাওৰ জৰিয়তে  সংগীতৰ লগত জড়িত সকলোকে এই প্ৰতিযোগিতাখনিত অংশগ্ৰহণ কৰিবৰ বাবে আহ্বান জনায়।

মূল প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিবৰ বাবে প্ৰতিযোগীসকলে অহা ২৩ মাৰ্চত জিলা পুথিভঁড়ালত এক বাছনি প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব লাগিব বুলি আয়োজক কমিটিয়ে আমাক জানিবলৈ দিয়ে।

এই প্ৰতিযোগিতাৰ ভৰ্ত্তি মাচুল ৫০০ টকা লগতে প্ৰথম স্থান দখল কঁৰোতাই ২০,০০০ টকা, দ্বিতীয় স্থান দখল কঁৰোতাই ১৫,০০০ টকা আৰু তৃতীয় স্থান দখল কঁৰোতাই ১০,০০০লাভ কৰিব বুলি উদ্যোক্তা কমিটিয়ে নৰ্থ ইষ্ট নাওক অৱগত কৰে।

লক্ষণীয় যে তেওঁলোকে এই প্ৰতিযোগিতা অনুষ্ঠিত কৰি ৰাহি হোৱা সমগ্ৰ ধন শিশু কৰ্কট ৰোগীৰ সাহায্যাৰ্থে আগবঢ়াব। এই ক্ষেত্ৰত তেওঁলোকে ইচ্ছুক সকলোকে তেওঁলোকৰ এই যাত্ৰাৰ সহযাত্ৰী হ’বৰ বাবে আহ্বান জনায়।

ইচ্ছুক প্ৰতিযোগীসকলে ৯৮৫৯৭১২৬৯১ আৰু ৭৮৯৬৩১৬৯২৩ মোবাইল নম্বৰ দুটাত যোগাযোগ কৰি প্ৰতিযোগিতা সম্পৰ্কে যিকোনো তথ্য লাভ কৰিব পাৰিব বুলি উদ্যোক্তা কমিটিয়ে নৰ্থ ইষ্ট নাওক অৱগত কৰে।

প্ৰতিযোগিতাখনৰ আয়োজক কমিটিৰ উপদেষ্টাৰ দ্বায়িত্বত আছে অসমৰ বিখ্যাত গায়িকা ভিটালী দাস, বিশিষ্টা অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ, সাংবাদিক চক্ৰপাণি পৰাশৰ, কণ্ঠশিল্পী ৰূপম ভূঞা, আৰ. জে অংশুমান আৰু শিল্পী অসীম কাশ্যপ।