যোৱা ৩০ আগষ্টত শিৱসাগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সোণতলীছিগাত বন বিভাগৰ এখন বাহন খুন্দিয়াই পলায়ন কৰা টেংকাৰখন অৱশেষত আজি আৰক্ষীৰ জালত পৰে।
এক গোপন সূত্ৰৰ ভিত্তিত জখলাবন্ধা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিপু কলিতায়ে অভিযান চলায় এন এল ০১ এন ৪৫০৯ নম্বৰৰ অইল টেংকাৰখন জব্দ কৰিবলৈ সক্ষম হয়।
লগতে পঢ়ক http://ভয়ংকৰ দুৰ্ঘটনা : কৰ্তব্যৰত অৱস্থাতে প্ৰাণ গ’ল চাৰি গৰাকী বনকৰ্মীৰ
লগতে আৰক্ষীয়ে টেংকাৰখনৰ চালক অনিল কুমাৰ যাদৱকো আটক কৰিছে আৰু প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰিছে।
উল্লেখযোগ্য যে ৩০ আগষ্টত শিৱসাগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সোণতলীছিগাত বন বিভাগৰ এখন বাহন খুন্দিয়াই ঘটনাস্থলীৰ পৰা পলায়ন কৰিছিল এই টেংকাৰখন।
উক্ত দুৰ্ঘটনাত চাৰিজনকৈ বনকৰ্মীয়ে মৃত্যুক আঁকোৱালি লৈছিল আৰু দুজন বনকৰ্মী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল। এই ভয়ংকৰ দুৰ্ঘটনাটোৱে শিৱসাগৰৰ লগতে সমগ্ৰ ৰাজ্যতে এক শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছিল।