শিৱসাগৰত বেতন বঞ্চিত শিক্ষক-শিক্ষয়িত্ৰীয়ে ঘেৰাও কৰিলে বিধায়ক কুশল দুৱৰীৰ বাসগৃহ

Teacher_Protest_2

শিৱসাগৰত ৰাজ্য চৰকাৰৰ প্ৰৱঞ্চনাৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল শিক্ষক-শিক্ষয়িত্ৰী৷ ৰাজপথত নামি প্ৰতিবাদ কৰাৰ লগতে ক্ষুভিত শিক্ষক-শিক্ষয়িত্ৰীয়ে ঘেৰাও কৰিলে থাওৰা সমষ্টিৰ বিজেপিৰ বিধায়ক কুশল দুৱৰীৰ বাসগৃহ।

উল্লেখযোগ্য যে যোৱা ৭২ মাহে বিনা বেতনে নৰক যন্ত্ৰণা ভোগ কৰিছে শিৱসাগৰ প্ৰায় ১৫০০ শিক্ষক-শিক্ষয়িত্ৰীয়ে। আজি শিৱসাগৰ জিলা বেতন বঞ্চিত প্ৰাথমিক শিক্ষক সমিতিয়ে লোৱা প্ৰতিবাদী কাৰ্য্যসূচীত অংশগ্ৰহণ কৰা এগৰাকী শিক্ষয়িত্ৰীয়ে বঞ্চিত শিক্ষক-শিক্ষয়িত্ৰীৰ কথা কওঁতে নিজৰ চকুলো ধৰি ৰাখিব পৰা নাছিল।

আনহাতে প্ৰতিবাদকাৰী শিক্ষক-শিক্ষয়িত্ৰীসকলে কয় যে বেতন বঞ্চিত শিক্ষক-শিক্ষয়িত্ৰীৰ শীৰ্ঘ্ৰেই বেতন আৰু চাকৰি নিয়মীয়াকৰণ নহ’লে পৰৱৰ্তী সময়ত মুখ্য মন্ত্ৰী-শিক্ষা মন্ত্ৰীৰ বাসগৃহ ঘেৰাও কৰিব৷

মন কৰিব লগীয়া যে এই বেতন বঞ্চিত শিক্ষক-শিক্ষয়িত্ৰীসকলৰ ক্ষেত্ৰত কংগ্ৰেছৰ পথৰেই বাট বুলিছে বিজেপিৰ চৰকাৰখনে৷ অথচ বিগত বিধান সভা নিৰ্বাচনৰ সময়ত শিৱসাগৰত চাৰিখন নিৰ্বাচনী সভাত বিজেপিৰ চৰকাৰ হ’লে এমাহৰ ভিতৰতে বঞ্চিত শিক্ষকসকলৰ চাকৰি নিয়মীয়া কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল বৰ্তমানৰ শিক্ষা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিয়ে৷ কিন্তু চৰকাৰ গঠন কৰাৰ পিছতে এই শিক্ষক-শিক্ষয়িত্ৰীসকলৰ সমস্যাৰ প্ৰতি পিঠি দিয়ে শিক্ষা মন্ত্ৰী আৰু বিজেপিয়ে।

শিৱসাগৰৰ দৰমহা বঞ্চিত হৈ থকা এই সকল শিক্ষকৰ মাজৰ ২০ জনৰো অধিক শিক্ষকে ইতিমধ্যে আত্মহত্যা কৰিছে। বহুতে বেপাৰ কৰি,  দিন হাজিৰা কৰি ভাত মোকলাব লগা হৈছে। ইমানৰ পাছতো প্ৰতিটো ৰাজনৈতিক দলেই এই শিক্ষকসকলৰ প্ৰতি কোনো মনোযোগ দিয়া দেখা নগ’ল। যাৰ ফলত এইসকল শিক্ষক-শিক্ষয়িত্ৰীয়ে শ্ৰেণীকোঠা এৰি ৰাজপথলৈ প্ৰতিবাদ কৰিবলৈ ওলাই অহাৰ লগতে ঘেৰাও কাৰিব লগা হৈছে জন প্ৰতিনিধিৰ বাসগৃহ।

আজিৰ প্ৰতিবাদৰ পিছত শিৱসাগৰ জিলা বেতন বঞ্চিত প্ৰাথমিক শিক্ষক সমিতিয়ে মুখ্য মন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে, য’ত তেওঁলোকৰ দৰমহা শীঘ্ৰেই মুকলি কৰি দিয়াৰ দাবীৰ লগতে চাকৰি নিয়মীয়া কৰাৰ দাবী তোলা হৈছে।