শিৱসাগৰত সেনা- আৰক্ষীৰ যুটীয়া অভিযানত দুই এনএছচিএন(ইউ) কেডাৰ ধৃত

Namrup

এক গোপন সূত্ৰৰ পম খেদি যোৱা নিশা সেনা- আৰক্ষীয়ে শিৱসাগৰ জিলাৰ আমতলাত চলোৱা এক অভিযানত মাৰাণাস্ত্ৰসহ এনএছচিএন(ইউ)ৰ দুজন দুৰ্ধৰ্ষ কেডাৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে যোৱা ১৬ মে’ত আটক হোৱা উগ্ৰপন্থী সংগঠনটোৰ এজন কেডাৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত কালি  নামতলা আৰক্ষীয়ে সেনাৰ সহায়ত চলোৱা অভিযানটোত এনএছচিএন(ইউ)ৰ কেডাৰ দুজন ধৰা পৰে।

আটকাধীন এনএছচিএন(ইউ)ৰ কেডাৰ দুজন ক্ৰমে এন কনয়াক (৩১) আৰু ৱাই কনয়াক (২১) বুলি প্ৰকাশ কৰিছে আৰক্ষী সূত্ৰই।উল্লেখযোগ্য যে ধৃত দুয়োজন উগ্ৰপন্থীয়ে নাগালেণ্ডৰ।

আনহাতে ধৃত কেডাৰ দুগৰাকীয়ে উজনি অসমৰ বিভিন্ন ঠাইত ধন দাবীকে আদি কৰি অন্যান্য ৰাষ্ট্ৰবিৰোধী কাৰ্যকলাপত জড়িত আছিল বুলি প্ৰকাশ কৰিছে আৰক্ষী সূত্ৰই।

বিগত প্ৰায় এসপ্তাহৰ ভিতৰতে সন্ত্ৰাসবাদী সংগঠনটোৰ তিনিজনকৈ দুৰ্ধৰ্ষ কেডাৰ আটক হোৱাটোৱে উজনি অসমত সংগঠনটোৰ শক্তশালী স্থিতিৰ উমান দিছে বুলি প্ৰকাশ।

প্ৰসংগক্ৰমে উল্লেখযোগ্য যে আৰক্ষীয়ে আটক কৰা উগ্ৰপন্থী দুজনৰ পৰা মাৰাণাস্ত্ৰসহ বহু আপত্তিজনক নথি পত্ৰ উদ্ধাৰ কৰা হৈছিল।

উগ্ৰপন্থী আটক কৰাৰ ক্ষেত্ৰত আৰক্ষী- নিৰাপত্তাৰক্ষীয়ে চলোৱা এই অভিযানৰ শলাগ লৈছে স্থানীয় ৰাইজে।