আজি আমগুৰি আৰক্ষীয়ে গোলাঘাট জিলাৰ গোলাঘাট আৰক্ষী থানাৰ অন্তৰ্গত ফৰকাটিঙৰ তিৰুৱাল গাৱঁৰ পৰা এজন চোৰক আটক কৰে। যোৱা ৩ ডিচেম্বৰত আমগুৰি চহৰৰ ইনফ’ স্পেচ নামৰ এটা ম’বাইল বিক্ৰী কৰা ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা বহু সংখ্যক (প্ৰায় ২০ লাখ টকা মূল্যৰ) ম’বাইল চুৰি হৈছিল। ঘটনাটো ঘটিছিল আমগুৰি আৰক্ষী থানাৰ মাত্ৰ ১০০ মিটাৰ আঁতৰতে। স্থানীয় ৰাইজে আমগুৰি পুলিচক ইয়াৰ বাবে কঠোৰ সমালোচনা কৰিছিল। আমগুৰি আৰক্ষীয়ে চোৰ ধৰিবলৈ স্নিফাৰ ডগ ব্যৱহাৰ কৰিও একো শুংসূত্ৰ উলিয়াব পৰা নাছিল। তাৰ পিছতে আমগুৰি আৰক্ষীয়ে এই কেচটো প্ৰত্যাহ্বান হিচাপে লৈ অভিযান তীব্ৰতৰ কৰি তোলে। ম’বাইল ট্ৰেকিং পদ্ধতি তথা গোপন সূত্ৰৰ সহায় লৈ আমগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জে টি বৰুৱা আৰু চাৰ্কোল ইন্সপেক্টৰৰ যুটীয়া নেতৃত্বত এই অভিযান চলে। এই অভিযানত তেওঁলোক কুৰ্বান আলী ওৰফে কুলাই আলীক মৌখৱোৰা কমাৰ গাৱঁৰ তেওঁৰ শহুৰেকৰ ঘৰৰ পৰা ধৰিবলৈ সক্ষম হয়। লগতে আলীয়ে লুকুৱাই ৰখা কেইটামান ম’বাইল হেণ্ডছেটো উদ্ধাৰ কৰে। আৰক্ষীয়ে তেওঁৰ জিম্মাৰ পৰা ৬টা ম’বাইল হেণ্ডছেট, এটা লেপটপ উদ্ধাৰ কৰে। আৰু ৬টা ম’বাইল হেণ্ডছেট তেওঁৰ ঘৰৰ পৰাও উদ্ধাৰ কৰা হয়। আৰক্ষীৰ জেৰাত আলীয়ে স্বীকাৰ কৰে যে শিমলুগুৰিৰ তেওঁৰ খুলখালিয়েক সমীৰ আলীও এই কাণ্ডটোত জড়িত আছে। আৰক্ষীয়ে জনোৱা মতে সমীৰ আলী এতিয়াও পলাতক অৱস্থাত আছে। অৱশ্যে আৰক্ষীয়ে আন দুজনো এই ঘটনাত জড়তি থকাৰ সন্দেহ কৰিছে। স্থানীয় ৰাইজে আৰক্ষীৰ এই সফলতাত সন্তুষ্টি প্ৰকাশ কৰা বুলিও সূত্ৰটোৱে কয়।