NORTHEAST NOW (Assamese)

শিৱসাগৰৰ ঐতিহাসিক নামডাং সাঁকোৰ সমীপত নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে অঃ জাঃ যুঃ ছাঃ পঃৰ আহ্বানত প্ৰতিবাদ

May 30, 2018 10:25 pm · ৰাজীৱ দত্ত

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত সমগ্ৰ ৰাজ্যজুৰি বিভিন্ন দল-সংগঠনে পৰিৱেশ উত্তাল কৰি তুলিছে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ শিৱসাগৰ ( Sivasagar ) জিলা সমিটিৰ অন্তৰ্গত ৰূদ্ৰসাগৰ আঞ্চলিক সমিটিৰ আহ্বানক্ৰমে আজি ৩০ মে’ত হাতে হাতে প্লে কাৰ্ড, বেনাৰ লৈ নাগৰিকত্ব সংশোধনীয় বিধেয়ক বাতিল কৰাৰ দাবী জনাই বিভিন্ন দল সংগঠন নিৰ্বিশেষে কেইবা শতাধিক ৰাইজ ৰাজপথলৈ ওলাই আহিল।

“নাগৰিকত্ব সংশোধনীয় বিধেয়ক বাতিল কৰক”,”ভাৰত বাংলাদেশ সীমান্ত চীল কৰক”, ‘ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ,অসম চৰকাৰ হায় হায়” ‘বাংলাদেশীক খেদিবলৈ ওলাই আহ’ আদি শ্ল’গানেৰে ৰূদ্ৰসাগৰ অঞ্চলৰ ৰাজপথ উত্তাল কৰি তোলে।

গণ বিক্ষোভ কাৰ্য্যসূচীৰ পূৰ্বে এখন প্ৰতিবাদী সভাও অনুষ্ঠিত হয় ঐতিহাসিক নামদাং শিলৰ সাঁকোৰ সমীপৰ বলীয়াঘাট তিনিআলিত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ  শিৱসাগৰ জিলা সমিটিৰ উপ সভাপতি প্ৰাঞ্জল শৰ্মাই আতঁ ধৰা সভাখনত বৃহত্তৰ গৌৰীসাগৰ সাংবাদিক সন্হাৰ সম্পাদক মৃগাংক হাজৰিকাই ভাষন প্ৰদান কৰি কয় যে জাতি মাটি ভেটি সুৰক্ষা দিয়াৰ কথা কৈ শাসনৰ গাদী দখল কৰা সৰ্বানন্দ সোনোৱাল চৰকাৰে শাসনলৈ আহিয়ে বাংলাদেশক মাটি হস্তান্তৰ কৰিলে। তাৰ পাছত আকৌ বিতকিত বিধেয়কখনৰ জৰিয়তে অসমত বাংলাদেশীক নাগৰিকত্ব প্ৰদান কৰিব বিচাৰিছে। চৰকাৰৰ এনে দুমুখীয়া নীতি কোনোপধ্যে মানি লোৱা নহব বুলি সকিয়াই দিয়ে।তাৰোপৰি বিধেয়কখন গৃহিত হলে অসমীয়া ৰাইজৰ ৰাজনৈতিক সাহিত্য সংষদস্কৃতি সকলো অধিকাৰ বাংলাদেশীৰ হাতত যাব বুলিও কয়।

ৰূদ্ৰসাগৰ শাখা সাহিত্য সভাৰ প্ৰাচীৰ পত্ৰিকা সম্পাদক প্ৰশান্ত  দাস,কৃষক মুক্তি সংগ্ৰাম সমিটিৰ ৰূদ্ৰসাগৰ আঞ্চলিক সমিটিৰ সভাপতি ৰজত কুমাৰ দাস,সম্পাদক মনজিৎ দাস। বিহু সুৰক্ষা সমিটি অসমৰ জিলা সম্পাদক ব্ৰজেন দাস আদিৰ উপৰিও আকাইছুৰ কেন্দ্ৰীয় সমিটিৰ সভাপতি ৰবি কাশ্যপ, মটক সন্মিলনিৰ কেন্দ্ৰীয় উপসভাপতি সৰোজ কুমাৰ বৰুৱা জেৰেঙা খেলপথাৰ উন্নয়ন সমিটিৰ সভাপতি প্ৰফুল্ল দাস, অনুসূচীত জাতি মহিলা পৰিষদৰ গৌৰীসাগৰ আঞ্চলিক সমিটিৰ বিষয়ববীয়া ভানু দাস জাতীয় মহিলা পৰিষদৰ জিলা সভানেত্ৰী বৃষ্টিৰাণী শইকীয়া বৰাইও অংশ গ্ৰহন কৰি ভাষন প্ৰদান কৰি যদি বিধেয়কখন বাতিল নকৰে অনাগত দিনত ইয়াতকৈও জংগী আন্দোলন গঢ়ি তোলা হব বুলি হুংকাৰ প্ৰদান কৰে।তাৰপাছতে গণ বিক্ষোভত অংশ গ্ৰহণ কৰা প্ৰতিবাদী দলটো ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথদি গৈ ভটীয়াপাৰত সামৰণি পৰে।

গণ বিক্ষোভ কাৰ্য্যসূচীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৰূদ্ৰসাগৰ আঞ্চলিক সমিটিৰ সভাপতি সম্পাদক ক্ৰমে ভাৰপ্ৰাপ্ত সভাপতি ৰজমণি দাস, মাধৱ দাস আদিৰ লগতে জিলা সমিটিৰ উপদেষ্টা দুলাল গগৈ সাংগঠনিক সম্পাদক ক্ৰমে বিশ্ব দাস,প্ৰয়াস গোস্বামীৰ উপৰিও ভালেসংখ্যক ৰাইজে অংশ গ্ৰহণ কৰে।

Related News