শিৱসাগৰৰ চাৰিঙত ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা, দুজন আহত

শিৱসাগৰ জিলাৰ গৌৰীসাগৰ আৰক্ষী থানাৰ অন্তৰ্গত চাৰিং বাৰুৱতীৰ ৩৭নং  ৰাষ্ট্ৰীয় ঘাইপথত আজি ১৬ জুনৰ বিয়লি সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত দুজনকৈ মটৰ চাইকেল আৰোহী গুৰুতৰভাৱে আহত হয়।

ঘটনাৰ বিৱৰণী মতে এ এছ -০৪জে-৮৩৭৪ নম্বৰৰ ক’লা ৰঙৰ হ’ণ্ডা ইউনিকৰ্ন মটৰচাইকেলে যোৰহাট অভিমুখে একে দিশত গৈ থকা এ এছ-০৪ এচি-২৫৫২ নম্বৰৰ জে চি বি হাইড্ৰা গাড়ীৰ পিছফালে প্ৰচণ্ড জোৰত খুন্দা মাৰে। ফলত মটৰ চাইকেলখনৰ আৰোহী ক্ৰমে কৰিমগঞ্জ জিলাৰ কায়ামুদ্দিন নামৰ ব্যক্তিজনৰ পুত্ৰ আব্দুল জাব্বাৰ আৰু মৰিগাওঁ জিলাৰ মিকিৰভেটা মণিপুৰ টোপৰ আৰফান আলিৰ পুত্ৰ হবিবুৰ ৰহমান নামৰ যুৱক দুজন পথৰ পৰা উফৰি পৰে।

স্হানীয় ৰাইজে গৌৰীসাগৰ আৰক্ষীৰ সহযোগত ততালিকে গুৰুতৰভাৱে আহত দুয়োজন যুৱকক শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। অন্যহাতে আহত হবিবুৰ ৰহমান নামৰ যুৱকজনৰ বৰ্তমানেও প্ৰকৃত ঠিকনা জানিব পৰা হোৱা নাই।

পৰিবহণ আইন অনুসৰি জেচিবি হাইড্ৰা গাড়ীখনৰ ৰাষ্ট্ৰীয় ঘাইপথত চলাচল কৰা অনুমতি নাই বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ।