NORTHEAST NOW (Assamese)

শিৱসাগৰৰ ডিমৌত দীৰ্ঘদিনে সন্ত্ৰাস সৃষ্টি কৰি অহা নাহৰফুটুকী পিঞ্জৰাবদ্ধ

April 25, 2018 11:29 am · হিতোজ্বল চেতিয়া

বিগত কেইবাদিনৰ পৰা শিৱসাগৰ জিলাৰ ডিমৌৰ সমীপৰ বিভিন্ন অঞ্চলত বাঘৰ মুক্ত বিচৰণে স্থানীয় অঞ্চলবাসী ৰাইজৰ নিদ্ৰা হৰণ কৰি আহিছে।

ঠিক সেইদৰে ডিমৌৰ আঠাবাৰী অঞ্চলটো দীৰ্ঘদিন ধৰি বাঘে সৃষ্টি কৰি আহিছিল সন্ত্ৰাস। কিন্তু আজি আঠাবাৰী চাহ বাগিছা অঞ্চলত পুৱাই প্ৰকাণ্ড নাহৰফুটুকী বাঘটো পিঞ্জৰাবদ্ধ হয়।

আঠাবাৰী চাহ বাগিচাত বন বিভাগে পতা পিঞ্জৰাত আবদ্ধ হোৱা বনৰজাক চাবলৈ আজি ৰাতিপুৱাৰ পৰাই শিশুৰ পৰা বৃদ্ধলৈ ভিৰ কৰেহি অগনণ লোকে।

উল্লেখ্য যে, দীৰ্ঘদিন ধৰি অঞ্চলটোত বাঘটোৱে সন্ত্ৰাস সৃষ্টি কৰি অহাৰ লগতে ভক্ষণ কৰি আহিছিল বিভিন্ন পশুধন। বনৰজাৰ সন্ত্ৰাসৰ পৰা পৰিত্ৰাণ পাবলৈয়ে ৰাইজে বন বিভাগক অভিযোগ দিয়ে।

এই অভিযোগৰ ভিত্তিতে বন বিভাগে পতা পিঞ্জৰাত নাহৰফুটুকীটো আজি আবদ্ধ হোৱাত এতিয়া স্বস্তিৰ নিশ্বাস পেলাইছে স্থানীয় গাঁওবাসীয়ে ।

ইফালে, ডিমৌৰ সমীপৰ ধেমেচী কোচগাঁৱৰ ৰাইজ এতিয়াও চৰম নিৰাপত্তাহীনতাত ভূগি আছে । কিয়নো গাঁওখনত অব্যাহত আছে বাঘৰ সন্ত্ৰাস। উক্ত অঞ্চলটোত বিচৰণ কৰি ফুৰা বাঘে এটা এটাকৈ খাই শেষ কৰিছে পশুধন।

আজি পুৱতি নিশাও কলালোৰৰ এটা দৰিদ্ৰ পৰিয়ালৰ গোহালিৰ পৰা লৈ যায় এটা গৰু।

কিন্তু এই পৰ্যন্ত বন বিভাগে অঞ্চলটোত বাঘটো আবদ্ধ কৰাৰ বাবে কোনো ধৰণৰ বিহিত ব্যৱস্থা গ্ৰহণ নকৰা বুলি অভিযোগ উত্থাপন কৰিছে।

Related News