শিৱসাগৰ জিলাৰ জাঁ‌জী কঠালগুৰিত ভয়াবহ দুৰ্ঘটনাত আহত ৩ জন

IMG-20180804-WA0005

শিৱসাগৰ জিলাৰ গৌৰীসাগৰ থানাৰ অন্তৰ্গত জাঁ‌জী কঠালগুৰিত আজি পুৱতি নিশা এটা ভয়াবহ দুৰ্ঘটনা সংঘটিত হয়। উক্ত দুৰ্ঘটনাটোত তিনিজন লোক আহত হয়। ইয়াৰে দুজনৰ অৱস্থা গুৰুতৰ বুলি জানিব পৰা গৈছে ।

জানিব পৰা মতে পুৱতি নিশা যোৰহাট অভিমুখী এ.এছ.১৩.ডি.৮৮৯৯ নম্বৰৰ বলেৰ’ খনৰ লগত বিপৰীত দিশৰ পৰা অহা ডব্লিউ.বি.৪১ জি.৯১৯০ নম্বৰৰ ট্ৰাকখনৰ সংঘৰ্ষ লাগে আৰু নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ খাৱৈত বাগৰি পৰে। ফলত ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেন গুৰুতৰ ভাবে আহত হৈ ট্ৰাকৰ ভিতৰতে আবদ্ধ হৈ পৰে।

গৌৰীসাগৰ আৰক্ষীৰ তৎপৰতাত আহত সকলক উদ্ধাৰ কৰি শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। আহত সকলৰ দুজনক ক্ৰমে বলেৰ’ খনৰ চালক নৱশ্ৰী দত্ত আৰু ট্ৰাকৰ চালক কামালুদ্দিন শেইখ বুলি জানিব পৰা গৈছে।

আনহাতে দুৰ্ঘটনাটোত গুৰুতৰ ভাবে আহত হোৱা ট্ৰাকখনৰ হেণ্ডিমেন জনৰ পৰিচয় বৰ্তমানলৈকে জানিব পৰা নাই।