শিৱসাগৰ জিলাৰ ডিমৌত বাইকৰ মুখামুখি সংঘৰ্ষ : থিতাতে নিহত দুজন

Demow_accident
আজি দুপৰীয়া শিৱসাগৰ জিলাৰ ডিমৌৰ ডিমৌ-নিতাইপুখুৰী পথৰ কেন্দুগুৰিত দুখন তীব্ৰবেগী বাইকৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত থিতাতে দুজন আৰোহী নিহত হয়।
নিহত ব্যক্তি দুজনৰ নাম ফণীধৰ দিহিঙীয়া আৰু তনু গগৈ বুলি জানিব পৰা গৈছে। বাইক দুখনৰ নম্বৰ AS 04 G2479 আৰু AS 04T 1911.
জানিব পৰামতে ৰাজমাই দেওবৰীয়া বজাৰৰ পৰা গৰু বিক্ৰী কৰি পদুম গগৈৰ সৈতে ঘৰলৈ ঘূৰি অহা তনু গগৈৰ Hero Splendor খন আৰু বিপৰীত দিশৰ পৰা অাহি থকা বাজাজ এক্স চি ভি ১০০ মটৰ চাইকেলখনৰ মাজত মুখামুখিকৈ সংঘৰ্ষ লাগে।
দুৰ্ঘটনাটোৰ ফলত বাজাজ এক্স চি ভি ১০০ মটৰ চাইকেলখনত অহা নিতাইপুখুৰী দুৱৰীছিগাৰ ফণী দিহিঙীয়া নামৰ প্ৰায় ৫৫ বছৰীয়া লোকজন থিতাতে নিহত হোৱাৰ লগতে প্ৰায় ডেৰ কিলোমিটাৰ দূৰত্বত অৱস্থিত ডিমৌ আদৰ্শ চিকিৎসালয় পোৱাৰ লগে লগে মৃত্যু হয় ৰূপহীবামৰ তনু গগৈ(২৬ বছৰ)ৰ।
নিহত ব্যক্তি দুজনৰ উপৰি বাইকত থকা অন্য এজন আৰোহীক সংকটজনক অৱস্থাত ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে। জানিব পৰা মতে নিহত ফণী দিহিঙীয়া এজন প্ৰাক্তন সৈনিক আছিল।