NORTHEAST NOW (Assamese)

শিৱসাগৰ ডিমৌৰ চাহ বাগিচাত কিশোৰীক ধৰ্ষণ; অভিযুক্তক কাৰাগাৰলৈ প্ৰেৰণ

June 21, 2018 11:07 pm · হিতোজ্জ্বল চেতিয়া

ডিমৌ আৰক্ষী থানাৰ অন্তৰ্গত আঠাবাৰী চাহ বাগিচাৰ এগৰাকী কিশোৰীক ধৰ্ষণ কৰাৰ অভিযোগত অজয় ৰবিদাস (২৭) নামৰ যুৱকজনক আজি ২১ জুনত শিৱসাগৰ জিলা আদালতে কাৰাগাৰলৈ প্ৰেৰণ কৰে।

কিশোৰীগৰাকীক ধৰ্ষণ কৰি পলায়ন কৰা ৰবিদাসক যোৱা মঙলবাৰে ডিমৌ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত আজি ডিমৌ আৰক্ষীয়ে আদালতত হাজিৰ কৰিছিল। পৰিয়ালৰ লোকে ডিমৌ আৰক্ষী থানাত দাখিল কৰা এজাহাৰৰ পিছতে ডিমৌ থানাৰ ভাৰপ্রাপ্ত বিষয়া সঞ্জীৱ বৰুৱাই পলায়ন কৰা অজয় ৰবিদাসক গ্ৰেপ্তাৰ কৰিছিল।

ডিমৌ আঠাবাৰী চাহ বাগিচাৰ ১ নং লাইন নিবাসী অজয় ৰবিদাসে সোমবাৰে সন্ধিয়া ঘৰত অকলশৰে থকা এগৰাকী ১৬ বছৰীয়া কিশোৰীক ধর্ষণ কৰিছিল।

নিশা প্ৰায় ৭ মান বজাত নৱম শ্ৰেণীৰ ছাত্ৰীগৰাকীক ধৰ্ষণ কৰি অচেতন অৱস্থাত এৰি পলায়ন কৰিছিল দুটি সন্তানৰ পিতৃ ৰবিদাস।

Related News