শিৱসাগৰ হালোৱাটিঙত অগ্নিকাণ্ড সংঘটিত

শিৱসাগৰ জিলাৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী হালোৱাটিং আৰক্ষীচকীৰ সমীপৰ এক অঞ্চলত যোৱা নিশা এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। উক্ত অগ্নিকাণ্ডটোত ৰাজু গড় নামৰ এজন লোকৰ বাসগৃহ জুইত জাহ যোৱাৰ উপৰি বৰবাম টিং বস্তীৰ এক ব্যৱসায়িক প্ৰতিষ্ঠানো সম্পূৰ্ণভাৱে ভস্মীভূত হোৱা বুলি জানিব পৰা গৈছে। প্ৰাপ্ত তথ্য মতে এই অগ্নিকাণ্ডৰ ফলত ৰাজু গড়ৰ বাসগৃহত থকা আলমিৰা, ৰেফ্ৰিজাৰেটৰৰ লগতে বহু লাগতীয়াল নথি-পত্ৰ জুইত জাহ যায়। অৱশ্যে বৰ্তমানলৈকে এই অগ্নিকাণ্ড কেনেদৰে সংঘটিত হ’ল সেই বিষয়ে জানিব পৰা হোৱা নাই। স্থানীয় ৰাইজে অভিযোগ কৰি কয় যে এই অগ্নিকাণ্ডৰ বিষয়ে তাৎক্ষণিকভাৱে অগ্নিনিৰ্বাপক বাহিনীক অৱগত কৰা হৈছিল যদিও প্ৰায় ১ ঘণ্টা পলমকৈ ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হয়। অৱশ্যে স্থানীয় ৰাইজৰ সহযোগিতাত হালোৱাটিং আৰক্ষীয়ে অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয়। আনহাতে অগ্নিকাণ্ডটোত ৬ লাখতকৈ অধিক মূল্যৰ সা-সম্পত্তি ক্ষতি হোৱা বুলি জানিব পৰা গৈছে।