শীঘ্রে প্ৰকাশ পাব এন আৰ চিৰ দ্বিতীয়খন খচৰা তালিকা

এন আৰ চি

শীঘ্রে এন আৰ চিৰ দ্বিতীয়খন খচৰা তালিকা প্ৰকাশ পাব।

গৃহ মন্ত্ৰী ৰাজনাথ সিঙক এই কথা জানিবলৈ দি ভাৰতৰ মহা পঞ্জীয়ক ছৈলেশে কয়, ‘ প্ৰথমখন তালিকাৰ পৰা নাম বাদ পৰি যোৱা লোকসকলৰ পূনৰীক্ষণ সম্পুৰ্ণ হোৱাৰ পিছতে উক্ত লোকসকলক সামৰি দ্বিতীয়খন তালিকা প্ৰকাশ পাব। এই প্ৰক্ৰিয়াটো উচ্চতম ন্যায়ালয়ৰ তত্তাৱধানত সুচাৰু ৰুপত চলি আছে। এন আৰ চিৰ মূল তালিকাখন প্ৰকাশ হোৱাৰ পিছত দাবি আৰু আপত্তিৰ বাবে আহ্বান জনোৱা হ’ব।’

গৃহমন্ত্ৰীজনক এন আৰ চিৰ অগ্ৰগতি, ৰাষ্ট্ৰীয় জনসংখ্যা পঞ্জীয়ন সম্পৰ্কীয় কাৰ্যক্ৰমৰ সমাপ্তি, অসামৰিক পঞ্জীয়ন ব্যৱস্থাক শক্তিশালী কৰাৰ পদক্ষেপ আদিৰ সম্পৰ্কে বিস্তৃত ভাবে জনোৱা হয়।

উল্লেখযোগ্য যে যোৱা বছৰৰ ৩১ ডিচেম্বৰত এন আৰ চিৰ প্ৰথমখন খচৰা প্ৰকাশ পাইছিল য’ত ৰাজ্যখনৰ ১.৯ কোটি লোকৰ নাম প্ৰকাশ পাইছে।

ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত দ’ভালে সোমবাৰে এন আৰ চিৰ প্ৰথমখন খচৰা তালিকা প্ৰকাশ হোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰৰ শীৰ্ষ বিষয়া সকলকৰ লগত এক বৈঠকত মিলিত হৈ অসমৰ আভ্যন্তৰিন সুৰক্ষাৰ দিশটোক পৰ্যালোচনা কৰে। উক্ত বৈঠকত কেন্দ্ৰীয় গৃহ সচিব ৰাজিব গৌভা, অসমৰ মুখ্য সচিব ভি কে পিপাৰছেনিয়া, আৰক্ষী সঞ্চালক প্ৰধান মুকেশ সাহাইৰ  লগতে অন্যান্ন উচ্চপদস্থ বিষয়া সকল উপস্থিত থাকে।