• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শীঘ্ৰেই নগাঁও আৰু কাছাৰ কাগজ কলৰ কৰ্মচাৰীয়ে লাভ কৰিব তিনি মাহৰ দৰমহা

এন ই নাও নিউজ by এন ই নাও নিউজ
February 22, 2018 7:35 am
Nagaon paper mill
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শীঘ্ৰেই নগাঁও আৰু কাছাৰ কাগজ কলৰ কৰ্মচাৰীয়ে পাব তিনি মাহৰ বেতন। কাগজ কল দুটাৰ পুনৰুজ্জীৱিতকৰণক লৈ যোৱা কেইবা দিনো ধৰি ৰাজ্যত প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে দল-সংগঠনে ধৰ্ণা প্ৰতিবাদত বহা পৰিলক্ষিত হৈছে। এইবোৰৰ প্ৰতি লক্ষ্য ৰাখিয়েই নগাঁওৰ সাংসদ তথা ৰেইল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁয়ে বুধবাৰে নতুন দিল্লীত এক আলোচনাৰ অন্তত এই কথা প্ৰকাশ কৰে।

মন্ত্ৰী গোহাঁয়ে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী অৰুণ জেটলি আৰু কেন্দ্ৰীয় গুৰু উদ্যোগ মন্ত্ৰী অনন্ত গীতেক সাক্ষাত কৰাৰ লগতে নিটি আয়োগৰ চি ই অ’ অমিতাভ কান্তেৰ সৈতে কল দুটাৰ পুনৰুজ্জীৱিতকৰণ সন্দৰ্ভত এক আলোচনাত মিলিত হৈছিল। আলোচনাৰ অন্তত গোহাঁয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰে যে কল দুটা পুনৰ কাৰ্যক্ষম কৰি তোলাৰ বিষয়টো কেন্দ্ৰীয় চৰকাৰে গুৰুত্বসহকাৰে লৈছে।

উল্লেখ্য যে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কল দুটা কাৰ্যক্ষম কৰি তোলাৰ বাবে যোৱা সোমবাৰে প্ৰধান মন্ত্ৰীৰ কাৰ্যালয়লৈ ফ’ন কৰাৰ পাছতেই কেন্দ্ৰই কাগজ কল সম্পৰ্কত সক্ৰিয়তা দেখুওৱা পৰিলক্ষিত হৈছে।

মন্ত্ৰী গোহাঁয়ে জনোৱা মতে, কল দুটা পুনৰ কাৰ্যক্ষম কৰি তোলাৰ বাবে নিটি আয়োগে গঠন কৰি দিয়া উপ সমিতিৰ এখন বিশেষ বৈঠকত কল দুটাৰ কৰ্মচাৰী সকলক সদ্যহতে তিনি মাহৰ বেতন মুকলি কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে।

ইয়াৰ লগতে অহা জুন মাহৰ ভিতৰত কৰ্মচাৰীসকলে পাব লগীয়া সমুদায় বেতন লাভ কৰিব বুলি উল্লেখ কৰি মন্ত্ৰী জনে লগতে কয় যে কল দুটাৰ পৰিচালন আৰু উৎপাদনৰ সমস্ত দায়িত্ব ব্যক্তিগত খণ্ডক অৰ্পণ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে নিবিদা আহ্বান কৰিছে। সেই অনুসৰি কেইবাটাও প্ৰতিষ্ঠান আগবাঢ়িও আহিছে। পৰৱৰ্তী সময়ত উক্ত প্ৰতিষ্ঠানসমূহৰ লগত আলোচনা কৰি কল দুটা পুনৰুজ্জীৱিতকৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে এক বিশেষ আৰ্থিক পেকেজো প্ৰদান কৰিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সঁচাকৈয়ে ৰক্তদান কৰিলে মাত্ৰ ১০ মিনিটতে ৫০০ কেলৰি নাইকিয়া হয় নেকি! কি কয় চিকিৎসকে?

সঁচাকৈয়ে ৰক্তদান কৰিলে মাত্ৰ ১০ মিনিটতে ৫০০ কেলৰি নাইকিয়া হয় নেকি! কি কয় চিকিৎসকে?

September 4, 2025 6:30 am
শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ PGT-TET শিক্ষক নিযুক্তি সন্দৰ্ভত গুৰুত্বপূৰ্ণ ঘোষণা!

শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ PGT-TET শিক্ষক নিযুক্তি সন্দৰ্ভত গুৰুত্বপূৰ্ণ ঘোষণা!

September 3, 2025 9:30 pm
নাগৰিকত্ব সংশোধনী আইনৰ সময়সীমা বৃদ্ধিক তীব্ৰ সমালোচনা অজিত কুমাৰ ভূঞাৰ

নাগৰিকত্ব সংশোধনী আইনৰ সময়সীমা বৃদ্ধিক তীব্ৰ সমালোচনা অজিত কুমাৰ ভূঞাৰ

September 3, 2025 8:35 pm
ছত্তীশগড়ত ২০জন মাওবাদীৰ আত্মসমৰ্পণ, মুঠ মূৰৰ মূল্য আছিল ৩৩ লাখ টকা

ছত্তীশগড়ত ২০জন মাওবাদীৰ আত্মসমৰ্পণ, মুঠ মূৰৰ মূল্য আছিল ৩৩ লাখ টকা

September 3, 2025 7:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সঁচাকৈয়ে ৰক্তদান কৰিলে মাত্ৰ ১০ মিনিটতে ৫০০ কেলৰি নাইকিয়া হয় নেকি! কি কয় চিকিৎসকে?

সঁচাকৈয়ে ৰক্তদান কৰিলে মাত্ৰ ১০ মিনিটতে ৫০০ কেলৰি নাইকিয়া হয় নেকি! কি কয় চিকিৎসকে?

September 4, 2025 6:30 am
শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ PGT-TET শিক্ষক নিযুক্তি সন্দৰ্ভত গুৰুত্বপূৰ্ণ ঘোষণা!

শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ PGT-TET শিক্ষক নিযুক্তি সন্দৰ্ভত গুৰুত্বপূৰ্ণ ঘোষণা!

September 3, 2025 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd