শীতাৰ্তজনৰ বাবে মানৱতাৰ উমেৰে উমাল এখন কম্বল

আজিৰ শীতৰে সেমেকা ৰাতিপুৱাটোত শাৰীৰিকভাৱে অক্ষম বাবু বৰা নামৰ ভিখাৰীজনৰ নি:সম্বল শৰীৰটো ঢাকি দিলে মানৱতাৰ উমসনা এখন কম্বলে। প্ৰতিদিনে যোৰহাটৰ ব্যস্ত এ টি ৰোডৰ ফুটপাথত এমুঠি ৰ’দ বিচাৰি অহা ভিখাৰীজনক এদিন লক্ষ্য কৰাৰ পিছত এগৰাকী সামাজিক কৰ্মী ৰাতুল বৰুৱাই  তেওঁৰ শৰীৰ এখন কম্বলেৰে উমাল কৰি তুলিলে।

যোৱা কেইদিন ধৰি ঠাণ্ডাৰ প্ৰকোপ বাঢ়ি অহাৰ সময়তে লাভ কৰা কম্বলখন বৰাৰ বাবে আছিল যেন সৰগৰ আশীৰ্বাদ।

‘’ মোক কম্বলখন দিয়াৰ বাবে মই এই ভদ্ৰলোকৰ প্ৰতি কৃতজ্ঞ। মোৰ ঘৰত থকাখন উৱলি গৈছে। মোৰ গাচ থকা ছুৱেটাৰটো ইমান পাতল হৈ পৰিছে যে ঠাণ্ডাৰ প্ৰকোপ ৰক্ষা কৰিবলৈ ই অসমৰ্থ,’’-বৰাই কয়।

বাওঁহাতখন  ভগা বৰাই কয় যে তেওঁ সদায় মাগিবলৈ যোৰহাটৰ বাহনা অঞ্চলৰ নাথগাঁৱৰ পৰা টেম্প’ৰে এ টি ৰোডৰ তৰাজান মছজিদৰ ওচৰলৈ আহে। দয়ালু টেম্প’ৰ চালকে তেওঁৰ পৰা মাজে সময়ে ভাড়া নলয় আৰু কেতিয়াবা তেওঁ আধা ভাড়া আদায় দিয়ে।

‘’ মই দুগৰাকী ভনীৰে সৈতে বাস কৰো। তাৰে এগৰাকী মোৰ দৰে শাৰীৰিকভাৱে অক্ষম আৰু তাইও মোৰ দৰে ভিক্ষা কৰে আৰু আমি ভিক্ষা কৰি যি পাও তাৰে চলি আছো। মোৰ দেউতা অসম আৰক্ষীৰ এগৰাকী হাবিলদাৰ আছিল কিন্তু বহুদিন আগতেই তেওঁ ঢুকাল আৰু মোৰ তেওঁৰ স্মৃতি মনত নপৰে,’’-তেওঁ কয়।

পেন্সন সম্পৰ্কত বৰাই কয় যে তেওঁৰ মাক যেতিয়া জীয়াই আছিল তেওঁলোকে কিবা অলপ পাইছিল কিন্তু ‘’সেয়া আছিল কেইবা বছৰো আগত।‘’

যোৱা মাহত ৰাতুল বৰুৱাই ইতিমধ্যে নি:কিন লোকৰ মাজত ৩৫ খন কম্বল বিতৰণ কৰিছিল যদিও কেইদিন আগতে আৱিস্কাৰ কৰা বৰাক অৰ্পন কৰা এই কম্বলখন তেওঁৰ বাবে আছিল এখন বিশেষ কম্বল।

পূৰ্বৰ বছৰবোৰত বৰুৱাই লিচুবাৰীৰ অনাথ আলয়, চাহ সম্প্ৰদায়ৰ আৰু এলেংমাৰাৰ গাঁৱবাসীৰ দৰিদ্ৰসকলৰ মাজত কম্বল বিতৰণ কৰিছিল।

কেইবছৰমান আগেয়ে এখন মটৰ চাইকেলে খুন্দিয়াই ভৰি ভগাৰ পিছত এগৰাকী গান্ধীবাদী বৰুৱা নিজেও শাৰীৰিকভাৱে অক্ষম ব্যক্তি। বৰুৱাই নিজকে মগনিয়াৰ বুলি বিবেচনা কৰে।

২০১৪ চনত স্থাপন কৰা এটা বেচৰকাৰী সংস্থা মহাপুৰুষ মাধৱদেৱ ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক তথা মুৰব্বী বৰুৱাই যোৱা বছৰ ইয়াৰ পঞ্জীয়ন কৰিছে যদিও কোনো পুজি লাভ কৰা নাই। ‘’ মোৰ কিছু বন্ধু আছে যিসকলে মই যেতিয়াই বিচাৰো সংস্থাটোক ধন দিবলৈ ৰাজী থাকে। বাকীখিনি মই মোৰ জেপৰ পৰা খৰচ কৰো,’’-তেওঁ কয়।

অনাথ শিশু আৰু মহিলাৰ বাবে এখন স্ব পৰিচালিত আশ্ৰম গঢ়াৰ লক্ষ্য আছে বৰুৱাৰ। ‘’ এই আশ্ৰমখনত স্বামীৰ দ্বাৰা পৰিত্যক্ত মহিলা তথা বিধৱাসকলক নিজকে স্বাৱলম্বী কৰি তোলাৰ বাবে আশ্ৰয় দিয়াৰ লগতে আনকি বয়সস্থ অবিবাহিতা মহিলাসকলকো বোৱাঁকটা আৰু আন শিল্পৰ প্ৰশিক্ষণেৰে সৱল কৰি তোলা হ’ব,’’-তেওঁ কয়।

৩১ জানুৱাৰীত ফাউণ্ডেশ্যনে গান্ধীৰ মৃত্যু দিৱসত গান্ধীৰ জীৱন আৰু শিক্ষাৰ বক্তৃতাৰ এটা প্ৰতিযোগিতা স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত কৰিব।