শীৰ্ষস্থানৰ পাঞ্জাব মিনাৰ্ভাক হৰুৱাই আইজল এফ চিয়ে দিলে ঘৰুৱা দৰ্শকক বৰদিনৰ উপৰঞ্চি উপহাৰ

আজি আইজলৰ ৰাজীৱ গান্ধী ষ্টেডিয়ামত আইজল এফ চিয়ে আই লীগৰ এখন গুৰুত্বপূৰ্ণ খেলত পাঞ্জাবৰ পাঞ্জাব মিনাৰ্ভা এফ চিক ২-১ গলত হৰুৱাই ঘৰুৱা দৰ্শকক খ্ৰীষ্টমাছৰ উপৰঞ্চি আনন্দ দিয়ে। আৰম্ভণিৰ পৰাই যথেষ্ট আক্ৰমণাত্মক খেল প্ৰদৰ্শন কৰা মিজো দলটোৱে পইণ্ট তালিকাৰ শীৰ্ষত থকা পাঞ্জাবৰ দলটোক অবিৰতভাৱে চাপত ৰাখিছিল। গেলাৰিৰ পৰা অহৰহ অহা ঘৰুৱা দৰ্শকৰ সমৰ্থন হৈ পৰিছিল তেওঁলোকৰ বাবে অতিৰিক্ত শক্তিৰ দৰে। প্ৰথম অৰ্ধত সুযোগ ল’ব নোৱাৰিলে যদিও ঘৰুৱা দলটোৱে দ্বিতীয় অৰ্ধত দুবাৰকৈ আঘাত কৰে প্ৰতিপক্ষৰ শিবিৰত। ৭২ মিনিটত কৰীম অ’ম’লাজা আৰু ৮৫ মিনিটত আন্দ্ৰেই ল’নেস্কই গল দুটা দি ঘৰুৱা দৰ্শকৰ মুখত হাঁহি বিৰিঙায়। পাঞ্জাব মিনাৰ্ভাৰ হৈ গিৰিক খোচলাই অতিৰিক্ত সময়ত (90’+5) এটা গল পৰিশোধ কৰে। এই জয়েৰে আইজল দলটোৱে ঘৰুৱা খেলপথাৰতে লাজঙৰ হাতত পৰাজয়ৰ দুখ মোচন কৰিলে। আজি মূল একাদশত চাৰিটাকৈ সালসলনি কৰা দলটোৰ ডেভিড ৰিনমুৱানাই কেইবাটাও সুযোগ সৃষ্টি কৰা দেখা গৈছিল। আচলতে আজি তেৱেঁ হৈ পৰিছিল পাঞ্জাব দলটোৰ ডিফেণ্ডাৰসকলৰ বাবে মূৰৰ কামোৰনি স্বৰূপ। অৱশ্যে ৰিনমুৱানাই কেইবাটাও সুযোগ সৃষ্টি কৰিলেও গল অহা নাছিল প্ৰথম অৰ্ধত। ২০ মিনিটত তেওঁ দিয়া এটা নিখুঁত পাছ দলটোৰ আফগানী ডিফেণ্ডাৰে ছাইঘানীয়ে নেটত প্ৰৱেশ কৰিছিল যদিও ৰেফাৰিয়ে সেয়া নাকচ কৰে। ফলত গলশূন্যভাৱে প্ৰথম অৰ্ধ সমাপ্ত হয়।

দ্বিতীয় অৰ্ধত অধিক উজ্জীৱিত খেলেৰে আইজল দুটাকৈ স্ক’ৰ কৰিবলৈ সক্ষম হয়। ডেভিড ৰিনমুৱানাই আগ বঢ়াই দিয়া এটা চুটি কৰ্নাৰ পাছক গললৈ পৰিৱৰ্তন কৰে কৰীম নুৰেইনে।

তাৰ ঠিক দহ-বাৰ মিনিটৰ পিছতে আনটো গল দিয়ে আন্দ্ৰেই ল’নেস্কুৱে।

আনহাতে গোটেই খেলখনৰ সম্পূৰ্ণ ৯০ মিনিট দৰ্শকে তেওঁলোকৰ স্বতঃস্ফূৰ্ত উল্লাস প্ৰকাশ কৰি ঘৰুৱা দলটোক উৎসাহিত কৰি গৈছিল। আজিৰ স্পষ্ট জয়ৰ জৰিয়তে দলটো পইণ্ট তালিকাৰ ৬ষ্ঠ স্থানলৈ আগ বাঢ়ে। তেওঁলোকে চাৰিখন খেলৰ পৰা ৭ পইণ্ট পাইছে।