শুকুৰবাৰে নিশা দিচৈভেলী সংৰক্ষিত বনাঞ্চলত নাগা দুষ্কৃতিকাৰীৰ অগ্নি সংযোগ

দিচৈ ভেলী

অসম-নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলবিলাকত পূৰ্বৰে পৰা বিভিন্ন ধৰণৰ হিংসাত্মক কাৰ্যকলাপ সংঘটিত হৈ আহিছে।

শুকুৰবাৰে দিচৈ ভেলী সংৰক্ষিত বনাঞ্চলত নাগালেণ্ডৰ একাংশ দুষ্কৃতিকাৰীয়ে অগ্নি সংযোগ কৰে বুলি জানিব পৰা গৈছে।

প্ৰাপ্ত তথ্য মতে শুকুৰবাৰে নিশা অচিনাক্ত নগা দুষ্কৃতিকাৰীয়ে যোৰহাট সংমণ্ডলৰ দিচৈ ভেলীৰ এক বৃহৎ অংশত অগ্নি সংযোগ কৰে ফলত অঞ্চলটোৰ লোক সকলৰ মাজত এক চাঞ্চল্যৰ সৃষ্টি হয়। মৰিয়নী বন বিভাগৰ মৰঙিয়াল সংমণ্ডলত প্ৰথমে নগা দুষ্কৃতিকাৰীয়ে প্ৰথমে অগ্নি সংযোগ কৰাৰ ফলত বনাঞ্চলখনৰ এক বৃহৎ অংশৰ অগ্নিত জাহ যোৱাৰ ফলত বৃহৎ ক্ষতি হয়।

আনাহাতে সীমান্তনৰ্তী এলেকাৰ পৰা প্ৰায় ২ কি. মি. দূৰত্বৰ ব্যৱধানত এই ঘটনা সংঘটিত হয়।

ঘটনাৰ সম্পৰ্কে আৰক্ষী আৰু বন বিভাগক অৱগত কৰাৰ লগে লগে তাৎক্ষণিকভাৱে তেওঁলোকে অগ্নি নিৰ্বাপণ কৰিবলৈ সক্ষম হয়।

আনহাতে সীমান্তৱৰ্তী ভূমি বিবাদৰ লগতে নাগা আগ্ৰাসনকাৰী সকেল অঞ্চলটোত খেতি কৰাৰ উদ্দেশ্যে বনাঞ্চলখনত নাগা দুষ্কৃতিকাৰীয়ে অগ্নি সংযোগ কৰা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে।

ইফালে দেবেৰাপাৰ অাৰক্ষীয়ে ঘটনা সন্দৰ্ভত অনুসন্ধান অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।