NORTHEAST NOW (Assamese)

শুক্ৰবাৰে ৰঙিয়াত দুটা পৃথক পথ দুৰ্ঘটনাত আহত ২ জন

December 23, 2017 10:25 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ছবি

শুক্ৰবাৰে সন্ধিয়া ৰঙিয়া থানাৰ অন্তৰ্গত তুলিসীবাৰীত এক পথ দুৰ্ঘটনা সংঘটিত হয়। সূত্ৰমতে,শম্ভূৰাম বৈশ্য(৫৫) নামৰ লোকজন ভাৰত ভূটান পথেৰে চাইকেলৰে ঘৰলৈ উভতি গৈ থকা অৱস্থাত তীব্ৰ বেগেৰে অহা মাৰুতি ভে’ন এখনে পিছফালৰ পৰা  খুন্দিওৱাৰ ফলত  লোকজন গুৰুত্বভাৱে আঘাত প্ৰাপ্ত হয়। স্থানীয় ৰাইজে লগে লগে শম্ভূৰাম বৈশ্যক ৰঙিয়া অসামৰিক চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰে। আনহাতে  মাৰুতি ভে’নখনৰ চালক জনে দুৰ্ঘটনাটো সংঘটিত কৰি পলায়ন কৰিব বিচাৰিছিল যদিও স্থানীয় ৰাইজে আটক কৰি ৰঙিয়া আৰক্ষীক গতাই দিয়ে।

আনহাতে এই দুৰ্ঘটনাৰ সমান্তৰালভাৱে জয়ন্তীপুৰ পঞ্চায়তৰ তাৰাকুছিত নিবাসী জয়নুৰ আলী(৫৫) ৰঙিয়াৰ ৩১নং ৰাষ্ট্ৰীয় ঘাই পথত নলবাৰীৰ অভিমুখী তীব্ৰবেগী বাছখনৰ পৰা  বাগৰি পৰে । তীব্ৰবেগী বাছখনৰ পৰা বাগৰি পৰাত জয়নুৰ গুৰুতৰভাৱে আঘাত প্ৰাপ্ত হয়। স্থানীয় লোকে জয়নুৰ আলীক উদ্ধাৰ কৰি ৰঙিয়া অসামৰিক চিকিৎসালত ভৰ্ত্তি কৰে।

 

Related News