NORTHEAST NOW (Assamese)

শুনানিত উপস্থিত থাকি হিন্দু বাংলাদেশীৰ বিপদৰ বিষয়ে অসমীয়াক সকীয়াই থৈ গ’ল ত্ৰিপুৰাৰ নেত্ৰীয়ে

May 8, 2018 11:48 pm · এন ই নাও নিউজ

নাগৰিকত্ব সংশোধনী বিধেয়কখন সন্দৰ্ভত ৰাইজৰ মতামত গ্ৰহণ কৰিবলৈ গঠিত কেন্দ্ৰীয় চৰকাৰে গঠন কৰা যুটীয়া সংসদীয় সমিতিয়ে গুৱাহাটীত ৭ মে’ত লোৱা শুনানিত উপস্থিত থাকি নিজৰ বিৰোধিতা প্ৰকাশ কৰিছিল ত্ৰিপুৰাৰ নৰ্থ ইষ্ট ইণ্ডিজিনিয়াচ পিপ’লচ ফৰামে।

সুদূৰ ত্ৰিপুৰাৰ পৰা এই বিধেয়কখনৰ বিৰোধিতা কৰিবলৈ গুৱাহাটীলৈ অহাৰ কাৰণ নৰ্থ-ইষ্ট নাওৰ তৰফৰ পৰা জানিব বিচৰাত নৰ্থ ইষ্ট ইণ্ডিজিনিয়াচ পিপ’লচ ফ’ৰামৰ প্ৰতিনিধি তথা নেত্ৰী পাতালকান্যা জামাদিয়াই কয় যে ত্ৰিপুৰা আজি জ্বলন্ত অনুপ্ৰৱেশৰ সমস্যাৰে ভাৰাক্ৰান্ত। তাত ৮০ শতাংশ হিন্দু বাংলাদেশী আছে। এইসকলে থলুৱা জনজাতীয় লোকসকলৰ ভাষা-সংস্কৃতি, জীৱিকা সকলোৰে প্ৰতি ডাঙৰ ভাবুকি সৃষ্টি কৰিছে। গতিকে এই বিধেয়কখনে এই সমস্যা অধিক গুৰুতৰ কৰি তুলিব।

উল্লেখযোগ্য যে জামাদিয়াই গুৱাহাটীৰ খানাপাৰাস্থিত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত উপস্থিত হৈ ফ’ৰামৰ হৈ যুটীয়া সংসদীয় সমিতিৰ আগত স্মাৰকপত্ৰ দিয়াৰ লগতে নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰে। তেওঁ নিজৰ ৰাজ্যৰ উদাহৰণেৰে সকলোকে হিন্দু বাংলাদেশীক নাগৰিকত্ব দানৰ ফলত হ’ব পৰা বিপদৰ বিষয়ে সকীয়াই দিয়ে।

উপস্থিত সাংবাদিকৰ আগতো হিন্দু বাংলাদেশীৰ আগ্ৰাসনৰ ফলত ত্ৰিপুৰাত খিলঞ্জীয়া লোকৰ অস্তিত্ব বিপন্ন হোৱাৰ কথা বাৰে বাৰে কোৱা দেখা গ’ল তেওঁক।

Related News