NORTHEAST NOW (Assamese)

শেহতীয়া পৰিস্থিতিৰ বাবে ডিব্ৰুগড় লেকাইত ১৪৪ নং ধাৰা জাৰি

December 30, 2017 9:11 am · ধৰণী গগৈ

ডিব্ৰুগড় জিলাৰ অতিৰিক্ত জিলা দণ্ডাধীশে আজি এক নিৰ্দ্দেশ যোগেদি সদৰ সমীপৰ লেকাই এলেকাত জাৱৰজোঁথৰ নিষ্কাষন ব্যৱস্থাপনা প্ৰকল্পৰ কাম-কাজক কেন্দ্ৰ কৰি চলি থকা শেহতীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আৰু ৰাজহুৱা শান্তি শৃংখলা অটুত ৰখাৰ স্বাৰ্থত লেকাই,  এন চি এল গ্ৰান্ট আৰু ঘোঁৰামৰাত কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰিছে । ভাৰতীয় ফৌজদাৰী আইনৰ ১৪৪ নং ধাৰাৰ অধীনত জাৰি কৰা নিষেধাজ্ঞা মৰ্মে উক্ত তিনিওটা এলেকাত তৎকালীনভাৱে বলবৎ হোৱাকৈ পাঁচজন বা তাতোধিক ব্যক্তি অকৰ্তৃত্বশীল ভাবে সমবেত হোৱা, ৰাজহুৱা সমদল উলিওৱা,  যিকোনো ধৰণৰ প্ৰদৰ্শন,  ধৰ্ণা,  শ্লোগান দিয়া, পুত্তলিকা দাহ, চহিদ বেদী নিৰ্মাণ,  পদপথ বা পথৰ দাঁতিত কোনো কাৰণ নোহোৱাকৈ এক গোট হোৱা আদিৰ ক্ষেত্ৰত স্পষ্ট নিষেধাজ্ঞা আৰোপ কৰিছে ।

উল্লেখযোগ্য যে লেকাইৰ শেহতীয়া পৰিস্থিতিৰ ফলত বৰ্তমান চলি থকা জাৱৰ নিষ্কাশন ব্যৱস্থাপনা প্ৰকল্পৰ কামত কিছু ঋণাত্মক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছিল। সেয়েহে বিত্তীয় লোকচান, ৰাজহুৱা সম্পত্তি ক্ষতি আৰু যিকোনো ধৰণৰ আইন-শৃংখলাজনিত পৰিস্থিতি এৰাই চলাৰ স্বাৰ্থতে প্ৰশাসনে এই নিষেধাজ্ঞা জাৰি কৰিছে। নিষেধাজ্ঞা উলংঘা কৰা ব্যক্তিৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ ১৮৮ নং ধাৰাৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰিব বুলি অতিৰিক্ত জিলা দণ্ডাধীশে জানিবলৈ দিছে। অৱশ্যে এই প্ৰকল্পটোত কাম কৰি থকা ব্যক্তিৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় বুলিও উল্লেখ কৰে।

Related News