NORTHEAST NOW (Assamese)

শেহতীয়া পৰিস্থিতি সন্দৰ্ভত সংবাদ প্ৰতিষ্ঠানৰ সম্পাদক সকলৰ সৈতে মুখ্য মন্ত্ৰীৰ মত-বিনিময়

May 12, 2018 7:48 pm · এন ই নাও নিউজ

ৰাজ্যখনৰ শেহতীয়া পৰিস্থিতি সম্পৰ্কে সংবাদ মাধ্যমৰ সম্পাদক সকলৰ মতামত গ্ৰহণৰ উদ্দেশ্যে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত প্ৰতিষ্ঠিত সংবাদ প্ৰতিষ্ঠানবিলাকৰ সম্পাদক সকলৰ সৈতে মত-বিনিময় কৰে।

এই মত-বিনিময় অনুষ্ঠানতে ছপা আৰু বৈদ্যুতিন মাধ্যমৰ প্ৰথিতযশা সম্পাদক সকলে মুখ্য মন্ত্ৰীক শেহতীয়া পৰিস্থিতি সম্পৰ্কত বিভিন্ন পৰামৰ্শ আগ বঢ়ায়। মুখ্য মন্ত্ৰী গৰাকীয়ে সম্পাদক সকলে আগ বঢ়োৱা পৰামৰ্শসমূহ গুৰুত্ব সহকাৰে বিবেচনা কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰে।

লগতে মুখ্য মন্ত্ৰী গৰাকীয়ে অসমৰ ৰাইজৰ স্বাৰ্থ বিঘ্নিত হ’ব পৰা কোনো কামেই বৰ্তমানৰ ৰাজ্য চৰকাৰখনে নকৰে বুলি সংবাদ মাধ্যমৰ জ্যেষ্ঠ সম্পাদক সকলৰ আগত মত ব্যক্ত কৰে।

আজিৰ মত-বিনিময় অনুষ্ঠানত প্ৰথিতযশা সম্পাদক অজিত কুমাৰ ভূঞা, নিত্য বৰা, প্ৰশান্ত ৰাজগুৰু, মুনীন বায়ন, এনাক্ষী শইকীয়া বৰুৱা, প্ৰশান্ত জ্যোতি বৰুৱা, ৰবি শংকৰ ৰবি, অনুৰাধা শৰ্মা পূজাৰী, নিতুমনি শইকীয়া, পৰাগমনি আদিত্যকে ধৰি কেইবাজনো জ্যেষ্ঠ সাংবাদিকে অংশ গ্ৰহণ কৰে।

Related News