NORTHEAST NOW (Assamese)

শোণিতপুৰৰ বালিপৰাত প্ৰাথমিক শিক্ষক সন্মিলনীৰ উত্তাল প্ৰতিবাদ

June 18, 2018 12:33 pm · ঋতুপৰ্ণ চক্ৰৱৰ্ত্তী

অসম চৰকাৰে ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলক দীৰ্ঘদিন ধৰি বঞ্চনা কৰি অহাৰ প্ৰতিবাদত আজি সমগ্ৰ ৰাজ্যৰ লগতে শোণিতপুৰৰ বালিপৰাতো প্ৰাথমিক শিক্ষক সন্মিলনীয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

আজি ৰাতিপুৱাই শিক্ষকসকল ওলাই আহি নিৰ্ধাৰিত প্ৰতিবাদী কাৰ্যসূচীৰ অংশ হিচাপে বালিপৰা প্ৰাথমিক শিক্ষাখণ্ডৰ কাৰ্যালয়ত চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দি তলাবন্ধ কাৰ্যসূচী ৰাপায়ণ কৰাৰ লগতে কাৰ্যালয় চৌহদ উত্তপ্ত কৰি তোলে।

সপ্তম দৰমহা আয়োগৰ বিধি অনুসৰি প্ৰাথমিক শিক্ষক সকলক দৰমহা প্ৰদানৰ দাবীত বালিপৰা  প্ৰাথমিক শিক্ষক খণ্ডৰ কাৰ্যালয়ত তেজপুৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীয়ে তলা বন্ধ কাৰ্যসূচী ৰুপায়ণ কৰি বৈষম্য দূৰ কৰাৰ লগতে শিক্ষকসকলৰ দাবীসমূহ শীঘ্ৰে পূৰণৰ দাবী জনায়।

উল্লেখ্য যে স্নাতক শিক্ষকৰ ৮,৭০০ টকাৰ গ্ৰেড পে আদায় দিয়া, ঠিকাভিত্তিক শিক্ষকক বিনাচৰ্তে নিয়মীয়াকৰণ কৰা আদিৰ দাবীতে আজি সমগ্ৰ ৰাজ্যত প্ৰাথমিক শিক্ষক সন্মিলনীয়ে তলাবন্ধ কাৰ্যসূচীৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

Related News