• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ধূমপান নকৰিলেও হৈছে হাওঁফাওঁৰ কৰ্কট ৰোগ, কিয়? জানি লওক

ভাৰতত হাওঁফাওঁৰ কৰ্কট ৰোগ এতিয়া কৰ্কট ৰোগত মৃত্যুৰ আটাইতকৈ ডাঙৰ কাৰণ হৈ পৰিছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 2, 2026 7:45 am
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অনবৰতে কাহ এটা আহিছিল। মাজে মাজে শ্বাসকষ্ট হৈছিল। ফলত কেইসপ্তাহমান ধৰি হাঁপানীৰ চিকিৎসা চলি আছিল। এই লক্ষণসমূহ লৈ দ্বিতীয় মতামত বিচাৰি এগৰাকী ৫০ বছৰীয়া মহিলাই বাংগালুৰুৰ পালমোন’লজিষ্ট ডাঃ শচীন কুমাৰৰ ওচৰলৈ গৈছিল। তেওঁ ভাবিছিল হয়তো তেওঁক আন এটা ইনহেলাৰেই দিয়া হ’ব। কিন্তু বুকুৰ সাধাৰণ এক্স-ৰেত ধৰা পৰিল চাঞ্চল্যকৰ তথ্য।

তাত দেখা গ’ল যে তেওঁৰ হাওঁফাওঁৰ চাৰিওফালে তৰল পদাৰ্থ জমা হৈ গৈছে। অধিক পৰীক্ষাৰ অন্তত নিশ্চিত হ’ল যে তেওঁৰ হাওঁফাওঁত কেন্সাৰ থিতাপি লৈছে। বহুত বিয়পি পৰিছিল। ই প্লুৰাতো উপনীত হৈছিল।

Apply Now

ডাঃ শচীন কুমাৰে কয়, ‘সকলো কাহ বা শ্বাসকষ্ট হোৱাটো হাঁপানী নহয়। যদি এই লক্ষণসমূহ বহুদিনলৈকে থাকে বা চিকিৎসাৰ পিছতো কমি নাযায়, তেন্তে পুনৰ ইয়াৰ ওপৰত চকু ৰখাটো গুৰুত্বপূৰ্ণ।’

মনত ৰখা উচিত যে হাওঁফাওঁৰ কৰ্কট ৰোগ ভাৰতৰ অন্যতম মাৰাত্মক কৰ্কট ৰোগ। এটা সময়ত হাওঁফাওঁৰ কৰ্কট ৰোগক বুঢ়া, ধূমপান কৰা পুৰুষৰ ৰোগ বুলি গণ্য কৰা হৈছিল। কিন্তু এতিয়া এই ৰোগটো অধিক সংখ্যক মহিলাৰ ক্ষেত্ৰত দেখা গৈছে। কেৱল সেয়াই নহয়, ধূমপান নকৰাকৈও বহু লোকৰ এই ৰোগ হৈছে।

তাতোকৈ চিন্তনীয় কথাটো হ’ল ভাৰতত হাওঁফাওঁৰ কৰ্কট ৰোগ এতিয়া কৰ্কট ৰোগত মৃত্যুৰ আটাইতকৈ ডাঙৰ কাৰণ হৈ পৰিছে।

কেই সপ্তাহমান পূৰ্বে প্ৰকাশ পোৱা গ্ল’ব’কেন ২০২৪ৰ তথ্য অনুসৰি ২০২৪ চনত ভাৰতত ১,১২,৬৫৯ টা নতুন হাওঁফাওঁৰ কৰ্কট ৰোগীৰ ঘটনা পঞ্জীয়ন কৰা হৈছে।

কিন্তু এই ৰোগত আক্ৰান্ত হৈ ৯৮,৬৮৭ জন লোকৰ মৃত্যু হয়। ফলত কৰ্কট ৰোগৰ মৃত্যুৰ ক্ষেত্ৰত দেশৰ ভিতৰতে ই প্ৰথম স্থান দখল কৰিছে।

অৰ্থাৎ ২০২৪ চনত দেশত মুঠ ১৫.৬২ লাখ নতুন কৰ্কট ৰোগীৰ ভিতৰত ৭.২ শতাংশ লোক হাওঁফাওঁৰ কৰ্কট ৰোগত আক্ৰান্ত হৈছিল। কিন্তু সেই বছৰ কৰ্কট ৰোগত মৃত্যু হোৱা মুঠ ৯,০১,৮২৮ জনৰ ভিতৰত ১০.৯ শতাংশ লোক হাওঁফাওঁৰ কৰ্কট ৰোগত আক্ৰান্ত হৈছিল।

এই তথ্যই প্ৰমাণ কৰে যে ৰোগীৰ সংখ্যাৰ তুলনাত অতি কম সংখ্যক কৰ্কট ৰোগত মৃত্যুৰ হাৰ ইমান বেছি।

ডাঃ শচীন কুমাৰে কয়, “আমাৰ চিকিৎসালয়ত প্ৰতি তিনিমাহৰ মূৰে মূৰে গড়ে দুজনৰ পৰা তিনিজন নতুন প্ৰাথমিক হাওঁফাওঁৰ কৰ্কট ৰোগী ধৰা পৰে। ইয়াৰে প্ৰায় ৪০ শতাংশ মহিলা বা কেতিয়াও ধূমপান নকৰা লোক।”

পৰিসংখ্যা অনুসৰি ভাৰতত যোৱা দুটা দশকত হাওঁফাওঁৰ কৰ্কট ৰোগীৰ সংখ্যা দুগুণতকৈও অধিক বৃদ্ধি পাইছে। ২০০৪ চনত য’ত বছৰি প্ৰায় ৫৫ হাজাৰ নতুন ৰোগী ধৰা পৰিছিল, ২০২৪ চনত এই সংখ্যা ১,১২,৬৫৯ লৈ বৃদ্ধি পাইছিল।

বিশেষকৈ মহিলাৰ মাজত এই বৃদ্ধি লক্ষ্যণীয়। ২০০৪ চনত মুঠ ৰোগীৰ প্ৰায় ২০ শতাংশই মহিলা। ২০২৪ চনত সেই সংখ্যা প্ৰায় ৩০ শতাংশলৈ বৃদ্ধি পালে। অৰ্থাৎ এবছৰত ৩৩,৬০০ৰো অধিক মহিলা এই ৰোগত আক্ৰান্ত হৈছিল।

তাতোকৈ চিন্তনীয় কথাটো হ’ল এতিয়া কেৱল ধূমপায়ীসকলেই হাওঁফাওঁৰ কৰ্কট ৰোগত আক্ৰান্ত হোৱা নাই, আন বহু সমস্যাও দেখা দিছে।

যদিও ভাৰতত ধূমপান সন্দৰ্ভত কোনো ৰাষ্ট্ৰীয় পৰিসংখ্যা নাই, তথাপিও বিভিন্ন চিকিৎসালয়ত কৰা অধ্যয়নত দেখা গৈছে যে ১৫ৰ পৰা ৩৫ শতাংশ হাওঁফাওঁৰ কৰ্কট ৰোগীয়ে কেতিয়াও ধূমপান কৰা নাই।

শাকৰা ৱৰ্ল্ড হস্পিতালৰ মেডিকেল অংক’লজিষ্ট ডাঃ বিজয় কুমাৰ শ্ৰীনিবাসলুৱে কয় যে ৰন্ধনৰ ধোঁৱা, বায়ু প্ৰদূষণ, পৰোক্ষ ধূমপান, কৰ্মক্ষেত্ৰত ক্ষতিকাৰক পদাৰ্থৰ সংস্পৰ্শ আৰু ৰেডন গেছৰ সংস্পৰ্শ এই সকলোবোৰে হাওঁফাওঁৰ কৰ্কট ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে।

ইয়াৰ উপৰিও ইজিএফআৰ মিউটেচনৰ দৰে জিনীয় পৰিৱৰ্তনেও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। বিশেষকৈ ধূমপান নকৰা লোকৰ ক্ষেত্ৰত এনে জিনীয় পৰিৱৰ্তন তুলনামূলকভাৱে বেছিকৈ দেখা যায়।

ডাঃ বিজয়ে কয়, “আটাইতকৈ ডাঙৰ সমস্যাটো হ’ল বেছিভাগ ৰোগীৰে এই ৰোগটো অতি দেৰিকৈ ধৰা পৰে। কাৰণ, প্ৰথম অৱস্থাত হয় কোনো লক্ষণ দেখা নাযায়, নহয় যদি দেখা যায়, তেন্তে ইয়াক সাধাৰণ শ্বাস-প্ৰশ্বাসজনিত ৰোগ যেন লাগে।”

টাটা মেম’ৰিয়েল চেণ্টাৰৰ কৰ্কট ৰোগ বিশেষজ্ঞ ডাঃ কুমাৰ প্ৰভাসে কয় যে, “হাওঁফাওঁৰ কৰ্কট ৰোগ আৰু যক্ষ্মা ৰোগৰ বহু লক্ষণ একে। বহুদিন কাহ হয় বা বুকুৰ এক্স-ৰেত কোনো অস্বাভাৱিকতা দেখা যায়, তেন্তে প্ৰথমতে প্ৰায়ে যক্ষ্মা বুলি ধৰা হয়। ফলত সঠিক নিদান পলম হয়।”

তেওঁ লগতে কয় যে হাওঁফাওঁৰ আকাৰ বৃহৎ হোৱাৰ বাবে টিউমাৰ প্ৰায়ে নিৰৱে দীৰ্ঘদিন ধৰি বাঢ়িব পাৰে। ফলত ৰোগ ধৰা পৰাৰ আগতেই পৰিস্থিতি জটিল হৈ পৰে। গতিকে কোনো লক্ষণ দেখা গ’লে সাৱধান হ’ব লাগিব। এজনে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগিব। অন্যথা বিপদ বাঢ়িবহে, কমি নাযায়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধূমপান নকৰিলেও হৈছে হাওঁফাওঁৰ কৰ্কট ৰোগ, কিয়? জানি লওক

ধূমপান নকৰিলেও হৈছে হাওঁফাওঁৰ কৰ্কট ৰোগ, কিয়? জানি লওক

August 2, 2026 7:45 am
ঋষভ পন্ত, সঞ্জু চেমচন বাদ! ২০২৭ৰ বিশ্বকাপৰ বাবে অশ্বিনে বাছিলে নিজৰ পছন্দৰ দল

ঋষভ পন্ত, সঞ্জু চেমচন বাদ! ২০২৭ৰ বিশ্বকাপৰ বাবে অশ্বিনে বাছিলে নিজৰ পছন্দৰ দল

August 1, 2026 9:55 pm
পাকিস্তানী সজাই কাৰাৰুদ্ধ কৰা ফতেমা বিবিৰ ফাইল সন্ধানহীন, কেন্দ্ৰক ভৰ্ৎসনা ন্যায়ালয়ৰ

পাকিস্তানী সজাই কাৰাৰুদ্ধ কৰা ফতেমা বিবিৰ ফাইল সন্ধানহীন, কেন্দ্ৰক ভৰ্ৎসনা ন্যায়ালয়ৰ

August 1, 2026 8:59 pm
বান বিধ্বস্ত শিশুৰ মানসিক আৰু শৈক্ষিক উত্তৰণৰ বাবে ব্যতিক্ৰমী পদক্ষেপ: বৰঙণিৰ বিনিময়ত কেৰিকেছাৰ আঁকিব কাৰ্টুনিষ্ট নিতুপৰ্ণ ৰাজবংশীয়ে

বান বিধ্বস্ত শিশুৰ মানসিক আৰু শৈক্ষিক উত্তৰণৰ বাবে ব্যতিক্ৰমী পদক্ষেপ: বৰঙণিৰ বিনিময়ত কেৰিকেছাৰ আঁকিব কাৰ্টুনিষ্ট নিতুপৰ্ণ ৰাজবংশীয়ে

August 1, 2026 7:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধূমপান নকৰিলেও হৈছে হাওঁফাওঁৰ কৰ্কট ৰোগ, কিয়? জানি লওক

ধূমপান নকৰিলেও হৈছে হাওঁফাওঁৰ কৰ্কট ৰোগ, কিয়? জানি লওক

August 2, 2026 7:45 am
ঋষভ পন্ত, সঞ্জু চেমচন বাদ! ২০২৭ৰ বিশ্বকাপৰ বাবে অশ্বিনে বাছিলে নিজৰ পছন্দৰ দল

ঋষভ পন্ত, সঞ্জু চেমচন বাদ! ২০২৭ৰ বিশ্বকাপৰ বাবে অশ্বিনে বাছিলে নিজৰ পছন্দৰ দল

August 1, 2026 9:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd