শোণিতপুৰ জিলাৰ ৰঙাপাৰত অবৈধ সুৰাৰ সৈতে দুজনক আটক
শোণিতপুৰ জিলাৰ ৰঙাপাৰাৰ আবকাৰী বিভাগৰ বিষয়াই শুকুৰবাৰে চাৰিদুৱাৰ আৰক্ষী থানাৰ অধীনৰ দুজন লোকৰ পৰা আই এম এফ এল/বীয়েৰৰ ৬০ টা বাকচ জব্দ কৰে।
শোণিতপুৰৰ আবকাৰী অধীক্ষকৰ নেতত্বত তালাচী অভিযানটো চলোৱা হৈছিল।
জব্দ কৰা সুৰাখিনি চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত বিক্ৰীৰ বাবে অনা হৈছিল বুলি কোৱা হৈছে।
নিয়মীয়া তালাচীৰ সময়ত এই অবৈধ সুৰাখিনি জব্দ কৰা হয় বুলি জানিব পৰা গৈছে।
আটকাধীন লোক দুজনক জেৰা কৰাৰ সময়ত তেওঁলোকে তেওঁলোকৰ জিম্মাত থকা সুৰা খিনিৰ উপযুক্ত নথি পত্ৰ দাখিল কৰাত ব্যৰ্থ হয়।
প্ৰাথমিক অনুসন্ধানৰ সময়ত ধৃত লোক দুজনে স্বীকাৰ কৰিছে যে তেওঁলোকে সুৰাখিনি চুবুৰীয়া অৰুণাচল প্ৰদেশলৈ নিবলৈ আনিছিল আৰু সেইখিনি ৰাজ্যখনত বিক্ৰী কৰাৰ পৰিকল্পনা আছিল।
ইয়াৰ মাজতে আটক কৰা লোক দুজনক জিম্মাত লোৱা হয় আৰু পৰৱৰ্তী তদন্তৰ বাবে আৰক্ষীৰ হাতত গটাই দিয়া হয়।
এই অবৈধ সুৰাৰ চোৰাং সৰবৰাহত আৰু কোন কোন লোক জড়িত আছে সেয়া নিশ্চিত কৰিবলৈ আটকাধীন লোক দুজনক আৰক্ষীয়ে ইতিমধ্যে জেৰা আৰম্ভ কৰিছে।