NORTHEAST NOW (Assamese)

শোণিতপুৰ জিলাৰ ৰঙাপাৰাত বাগৰিল আটা ভৰ্তি ট্ৰাক

December 21, 2017 4:57 pm · এন ই নাও নিউজ
Updated: December 21, 2017 5:04 pm

শোণিতপুৰ জিলাৰ ৰঙাপাৰা কলনী চাহ বাগিছাৰ সমীপতে আজি দিনৰ ১:৩০ মান বজাত এখন আটা ভৰ্তি ট্ৰাক দুৰ্ঘটনাত পতিত হোৱাৰ বাতৰি পোৱা গৈছে। জানিব পৰা মতে AS 01T 3123 নম্বৰৰ আটা ভৰ্তি ট্ৰাকখন নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে।

আনহাতে আটা ভৰ্তি ট্ৰাকখন মহানগৰীৰ চানমাৰিৰ পৰা শোণিতপুৰৰ ৰঙাপাৰা কলনী চাহ বাগিছালৈ গৈ আছিল। অৱশ্যে দুৰ্ঘটনাত পতিত হোৱা ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনৰ কথমপি প্ৰাণ ৰক্ষা পৰে যদিও সামান্য পৰিমাণে আঘাত পায় বুলি জানিব পৰা গৈছে।ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ট্ৰাকখন উদ্ধাৰৰ চেষ্টা কৰাৰ লগতে অন্য এখন ট্ৰাকলৈ নষ্ট নোহোৱা আটাখিনি স্থানান্তৰ কৰাৰ ব্যৱস্থা কৰে।

Related News