NORTHEAST NOW (Assamese)

শোণিতপুৰ ৰঙাপৰাত আছু, অসম সেনা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত বিশাল জোঁৰ সমদল

May 30, 2018 10:31 pm · এন ই নাও নিউজ

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ বিৰোধিতা কৰি ৰঙাপৰা আঞ্চলিক ছাত্ৰ সন্থা, অসম সেনা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ৰঙাপৰা আঞ্চলিকৰ উদ্যোগত ৰঙাপৰা চহৰৰ মাজমজিয়াত সহস্ৰাধিক ৰাইজৰ উপস্থিতিত এই প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰে।

প্ৰতিবাদকাৰী সকলে অসম চৰকাৰ গ’ বেক, বিজেপি গ’ বেক,নৰেন্দ্ৰ মোডী হুচিয়াৰ,অসম চৰকাৰ লেই লেই ছেই ছেই আদি বিভিন্ন চৰকাৰবিৰোধী শ্লোগানৰে ৰঙাপৰা চহৰৰ আকাশ বতাহ উত্তাল কৰি প্ৰতিবাদ সাব্যস্ত কৰে। শোনিতপুৰৰ ৰঙাপৰাত আছু,অসম সেনা,আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত বিশাল জোঁৰ সমদল।

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ বিৰোধিতা কৰি ৰঙাপৰা আঞ্চলিক ছাত্ৰ সন্থা,অসম সেনা,অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ৰঙাপৰা আঞ্চলিকৰ উদ্যোগত ৰঙাপৰা চহৰৰ মাজমজিয়াত সহস্ৰাধিক ৰাইজৰ উপস্থিতিত এই প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰে। প্ৰতিবাদকাৰী সকলে বিভিন্ন চৰকাৰবিৰোধী শ্লোগানৰে ৰঙাপৰা চহৰৰ আকাশ বতাহ উত্তাল কৰি তোলে। এই প্ৰতিবাদী কাৰ্য্যসূচীত বহুকেইটা জাতীয় সংগঠনে প্ৰতক্ষ্য সহযোগীতা আগবঢ়াই।

Related News