শ্বিলং লাজং এফ চিয়ে ২-১ গ’লৰ ব্যৱধানত পৰাজিত কৰিলে আইজল এফ চিক  

Shillong-Lajong-

আই লীগ ফুটবল প্ৰতিযোগিতাৰ এখন গুৰুত্বপূৰ্ণ মেচত কালি শ্বিলং লাজং এফ চিয়ে যোৱাবাৰৰ চেম্পিয়ন আইজল এফ চিক ২-১ গ’লৰ ব্যৱধানত পৰাজিত কৰে।

শ্বিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত হোৱা মেচখন আৰম্ভণিৰে পৰা তীব্ৰ উত্তেজনাপূৰ্ণ হয়। আৰু শ্বাসৰুদ্ধকাৰী মেচখনৰ অৱশেষত বিজয়ৰ শেষ হাঁহি মাৰিবলৈ সক্ষম হয় লাজং এফ চিয়ে।

ৰোমাঞ্চকৰ মেচখনৰ প্ৰথমাৰ্ধ দুয়োটা দলে নিজৰ নিজৰ প্ৰতিদ্বণ্ডিৰ লক্ষ্যস্থান ভেদ কৰিবলৈ যথেষ্ট চেষ্টা কৰিছিল যদিও কোনোটো দলে অগ্ৰগতি ল’বলৈ সক্ষম নহ’ল।

কিন্তু দ্বিতীয়াৰ্ধত ঘৰুৱা দল লাজং এফ চিয়ে আক্ৰমণাত্মক মনোভাবেৰে নামি আব্দু’লয়ে কফিৰ সহায়ত ৫৮ মিণিটত প্ৰথমটো গ’লেৰে দলটোক অগ্ৰগতি দিয়ে। আৰু ইয়াৰ পাচত ৭৩ মিণিটত চাইহ’ জাগনেৰ আন এটি গ’লৰে লাজঙে ব্যৱধান ২-০ কৰিলে।

আনহাতে মেচখনৰ অন্তিম সময় তথা অতিৰিক্ত সময়ত আইজল এফ চিৰ হৈ জিকাহিয়ে শ্বিলং লাজঙৰ গ’লৰক্ষকক ভেদ কৰি এটা গ’ল কৰিবলৈ সক্ষম হয়। আৰু মেচখন ২-১ৰ ব্যৱধানলৈ হ্ৰাস পায়। কিন্তু আইজল এফ চিৰ হৈ এই গ’লটো বহু পলম কৈ আহিল। কিয়নো তেতিয়ালৈ মেচখনখন প্ৰায় সমাপ্তৰ দিশে।

উল্লেখ্য যে লাজঙে দ্বিতীয়টো গ’ল কৰাৰ পিছতে আইজল এফ চিৰ সপোন চূৰ্ণ-বিচূৰ্ণ হয়। কিয়নো আই লীগ প্ৰতিযোগিতাৰ প্ৰথম মেচত লাজঙে আইজল এফ চিক নিজৰ ঘৰুৱা মাটিতে পৰাস্ত কৰিছিল। সেয়ে আইজলে কালি হৈ যোৱা মেচখনত পোতক তোলাৰ মানসিকতাৰে নামিছিল। কিন্তু সেয়া বাস্তৱত ৰূপায়ন কৰিবলৈ নিদিলে লাজঙৰ সু সজ্জিত খেলে।

সোমবাৰৰ মেচখনৰ পিছতে পইণ্ট তালিকাতো কিছু সলনি হোৱা পৰিলক্ষিত হয়। লাজঙে কালিৰ জয়েৰে ১৭ খন মেচৰ পৰা ২১ পইণ্ট সংগ্ৰহ কৰি তালিকাৰ পঞ্চম স্থানত আছে। ইয়াৰ বিপৰীতে আইজল এফ চিয়ে ১৫খন মেচত ১৮ পইণ্টেৰে ষষ্ঠ স্থানতে বাহাল আছে।